NORTHEAST NOW (Assamese)
অসম

২০২১ বিধানসভা নিৰ্বাচনত পুনৰ বিজেপি,অগপ আৰু বি পি এফে একেলগে নিৰ্বাচন খেলিব : হাগ্ৰামা মহিলাৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2019 4:41 pm
04-05-18-Mushalpur-Hagrama-Mohilary-address-media-2-1

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সোমবাৰে অনুষ্ঠিত হোৱা নৰ্থ-ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অসমত পুনৰবাৰ সৰ্বানন্দ সোণোৱাল মুখ্য মন্ত্ৰী হ’ব বুলি মন্তব্য কৰে।

আনহাতে, বি টি চি প্ৰধান গৰাকীয়ে ২০২১ বিধান সভা নিৰ্বাচনত বিজেপি, অগপ আৰু বি পি এফে মিত্ৰজোট হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও কয়।

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিষয়ে সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত হাগ্ৰামাই ২০ বছৰৰ বাবে কেন্দ্ৰত বিজেপি চৰকাৰৰ শাসন থাকিব বুলি কয়।

উল্লেখযোগ্য যে, হাগ্ৰামাই কেন্দ্ৰ চৰকাৰে সহযোগ কৰিলে জংঘলত থকা এন ডি এফ বি (এছ) উগ্ৰপন্থী সংগঠনৰ সদস্য সকলকো ঘূৰাই আনিবলৈ পৰা যাব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

হাগ্ৰামাই বি টি এ ডি অঞ্চলত সম্পূৰ্ণৰূপে উগ্ৰবাদৰ সমাপ্তি ঘটাই তেওঁলোকে উন্নয়ণৰ দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলিও উল্লেখ কৰে।

নেডাৰ বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূবৰ জনসাধাৰণক ধাৰা ৩৭১ ক লৈ কোনোকাৰণতে শংকিত নহ’বৰ বাবে আহ্বান জনায়।