NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত ২০০০ কোটি টকাৰ কয়লা চিণ্ডিকে’ট : চিআইডি প্ৰতিবেদন ৰাজহুৱা কৰি অখিল গগৈৰ দাবী

Posted by: কল্পজ্যোতি শইকীয়া January 31, 2018 11:17 pm
Akhil Gogoi press meet

অসম চৰকাৰৰ তদন্তকাৰী সংস্থা চিআইডিৰ গোপন প্ৰতিবেদন ৰাজহুৱা কৰি ৰাজ্যত শাসকীয় নেতাৰ পৃষ্ঠপোষকতাত মাৰ্ঘেৰিটাত বছৰি প্ৰায় ২ হাজাৰ কোটি টকাৰ কয়লা চিণ্ডিকেট চলি থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

চিআইডিৰ আই জি পি এচ কুমাৰে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগক দাখিল কৰা CID/ Cell-XXI/ Enq No 46/ 2017/ 03 তদন্ত প্ৰতিবেদনত উল্লেখ আছে যে ‘২০১৬ চনৰ ২৩ অক্টোবৰত ক’ল ইণ্ডিয়াই ১৪ খন ট্ৰাকক কয়লা পৰিবহণৰ অনুমতি দিয়াৰ বিপৰীতে মাৰ্ঘেৰিটাৰ পৰা তিনিচুকীয়া দিশে সন্ধিয়াৰপৰা মাজনিশালৈকে ৭৫ খন কয়লা পৰিবাহী ট্ৰাক ওলাই যায়। ক’ল ইণ্ডিয়াই প্ৰতিদিনে ১০ ৰপৰা ১৫ খন ট্ৰাককহে কয়্লা পৰিৱহনৰ বিভাগীয় অনুমতি প্ৰদান কৰে যদিও স্থানীয় প্ৰত্যক্ষদৰ্শীৰ মতে প্ৰতিদিনাই ৭০-৭৫ খন কয়লা ট্ৰাক ওলাই যায়।’

সংগঠনটোৱে এনে ট্ৰাকৰ সংখ্যা প্ৰতিদিনে ১৫০ৰ পৰা ২০০ খন বুলি দাবী কৰে। এই তথ্যৰ আধাৰত সংগঠনটোৱে হিচাপ কৰি দেখুৱাই যে মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়াৰ কয়লা চিণ্ডিকেটৰ মূল্য ১ হাজাৰ ৯ শ কোটি টকাতকৈ অধিক হ’ব।

চিআইডিৰ প্ৰতিবেদনত উল্লেখ থকা অনুসৰি মাৰ্ঘেৰিটা বিজেপিৰ সাধাৰণ সম্পাদক কৃষ্ণ কুমাৰ শইকীয়াৰ অভিযোগৰ ভিত্তিত এই তদন্ত চলোৱা হৈছিল।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কয় যে বিজেপি শাসনলৈ অহাৰ পিছত ২০১৬ চনৰ অক্টোবৰত এই অভিযোগ দিয়া হৈছিল। কিন্তু পৰৱৰ্তী সময়ত তদন্তৰ প্ৰতিবেদন পোৱাৰ পিছতো অভিযোগকাৰী বিজেপি নেতাজন এতিয়ালৈকে ‘নিশ্চুপ’ হৈ আছে।

সংগঠনটোৱে ৰাজহুৱা কৰা চিআইডিৰ তদন্ত প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, ‘তদন্তকাৰী বিষয়াই গোপন তদন্তত জানিব পাৰে যে বহু বছৰ ধৰি কয়লাৰ এনে অবৈধ পৰিবহণ চলি আহিছে আৰু এতিয়াও আৰক্ষী, স্থানীয় ৰাজনৈতিক নেতা, ক’ল ইণ্ডিয়াৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সহায়ত এয়া চলি আছে।’

সংগঠনটোৱে দাবী কৰে যে ‘স্থানীয় ৰাজনৈতিক নেতা’ কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছী নেতা আৰু বিজেপিৰ দিনত বিজেপি নেতাইহে এনে ছিণ্ডিকেট চলাব পাৰিব।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ কৰে যে চিআইডিৰ প্ৰতিবেদনত কয়লা চিণ্ডিকেটৰ স্পষ্ট উল্লেখ থকাৰ পিছতো ‘গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে’।

ইয়াৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে অভিযোগ কৰে যে ‘আচলতে কয়লাৰ চিণ্ডিকেট বিজেপিৰ নেতাৰ হাতলৈ আনিবলৈকে অভিযোগ দাখিল আৰু তদন্তৰ নাটক ৰচনা কৰা হৈছিল’। তাৰোপৰি ‘মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে কয়লাৰ এই ছিণ্ডিকেটৰ লগত জড়িত বুলি সংবাদমাধ্যমত বিভিন্ন সময়ত খবৰ প্ৰকাশ পাই আহিছে’।

সংবাদমেলত সংগঠনটোৰ নেতা অখিল গগৈয়ে দাবী কৰে যে ‘চিণ্ডিকেটৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱাল চৰকাৰে প্ৰথম কেবিনেট বৈঠকত গ্ৰহণ কৰা কঠোৰ স্থিতি এক ভেকো-ভাওনাৰ বাহিৰে অন্য একো নহয়’।

মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটীলৈকে হোৱা কয়লাৰ অবৈধ পৰিবহণৰ পৰা বাকী পথছোৱাত থকা জিলাসমূহৰ আৰক্ষী, প্ৰশাসন  আৰু পৰিবহন বিভাগে কমিচন লাভ কৰে বুলিও সংগঠনটোৱে অভিযোগ উত্থাপন কৰে।

ইয়াৰ পূৰ্বে এক সংবাদমেলত সংগঠনটোৱে মেঘালয়ৰ পৰা অসম হৈ যোৱা অভাৰল’ড কয়লা তথা চিমেণ্টৰ ট্ৰাকৰ পৰিৱহণ আৰু কৰৰ ক্ষেত্ৰত চলি থকা চিণ্ডিকেট উদঙাই দিছিল।