NORTHEAST NOW (Assamese)
অসম

চামগুৰিত উদ্ধাৰ অচিনাক্ত মহিলাৰ অৰ্ধগলিত মৃতদেহ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা September 10, 2019 2:50 pm
VideoCapture_20190910

নগাঁও জিলাৰ চামগুৰিত এটা মৃতদেহক কেন্দ্ৰ কৰি সোমাবাৰে সন্ধিয়াৰ পৰা নিশা পৰ্য্যন্ত কলং পৰীয়া ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

চামগুৰিৰ দিশৰ পৰা কেইবাটাও অঞ্চলৰ মাজেৰে কলঙৰ সোঁতত উটি আহি তেলিয়াগাঁৱৰ ঘাটত লগা মৃতদেহটো এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে তেলিয়াগাঁৱৰ ঘাটত উপস্থিত হোৱা চামগুৰি আৰক্ষীয়ে এন্ধাৰৰ বাবে উদ্ধাৰ অভিযান চলাব পৰা নাছিল যদিও ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বিভাগৰ সহযোগত বহু চেষ্টাৰ অন্তত নিশা প্ৰায় এঘাৰ মান বজাত মহিলা গৰাকীৰ অৰ্ধ গলিত মৃতদেহটো উদ্ধাৰ কৰে।

উদ্ধাৰৰ পাছতেই আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণৰ কৰে।

উল্লেখ্য যে অৰ্ধ গলিত মৃতদেহৰ প্ৰতি লক্ষ্য ৰাখি মহিলা গৰাকী বহুদিন আগতেই কলং নৈত পৰি মৃ্ত্যু হোৱা বুলি ঠাৱৰ কৰিছে স্থানীয় ৰাইজে।

ইফালে উদ্ধাৰ হোৱা মৃত মহিলা গৰাকীৰ প্ৰকৃত পৰিচয় এই পৰ্য্যন্ত উলিয়াব পৰা নাই আৰক্ষী তথা স্থানীয় ৰাইজে।