NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ সমষ্টিৰ দুখ লগা ছবি : তক্তাত ৰোগীক নিয়া হ’ল চিকিৎসালয়লৈ

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ October 24, 2019 12:31 pm
IMG-20191024-WA0012

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ মূল মন্ত্ৰ আছিল পৰিৱৰ্তন। কিন্তু গাদী দখলৰ তিনি বছৰৰ পাছতো বিশেষ পৰিৱৰ্তন তথা উন্নয়নে চুব পৰা নাই মাজুলীবাসীক।

অনুন্নত যোগাযোগ ব্যৱস্থাই জুৰুলা কৰা খোদ মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত এইবাৰ এজন আঘাতপ্ৰাপ্ত যুৱকক জোৰা দিয়া নাৱেৰে চিকিৎসালয়লৈ অনা দৃশ্যই বিশেষ চৰ্চা লাভ কৰিছে।

জানিব পৰা মতে বুধবাৰে লোহিত খাৱলোৰ বৰালিমৰা গাঁৱৰ মিগাং মিলি নামৰ এজন যুৱক বাইক দুৰ্ঘটনাত পতিত হৈছিল। বেয়াকৈ আঘাতপ্ৰাপ্ত যুৱকজনক চিকিৎসালয়লৈ আনিব লগীয়া হোৱাত অসহায় ৰাইজে দুখন নাও জোৰা দি কাঠৰ তক্তাৰে চচালি পাতি চিকিৎসালয়লৈ লৈ আনে।

পথৰ দুৰৱস্থাৰ বাবে এইদৰে অতি কৰুণ ভাৱে যুৱকজনক গড়মুৰ চিকিৎসালয়লৈ দাঙি আনিব লগীয়া ঘটনাই মৰ্মাহত কৰি তুলিছে অঞ্চলবাসীক।

উল্লেখযোগ্য যে মাজুলী আৰু লখিমপুৰ সীমান্তৰ যোগাযোগ তথা বাট-পথৰ দুৰৱস্থাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে সময়ে সময়ে যমৰ যন্ত্ৰণা ভুগিব আহিব লগীয়া হৈছে।