NORTHEAST NOW (Assamese)
Popular Stories

ক্ৰমাৎ ইতিহাস হোৱাৰ দিশত শিৱসাগৰৰ অৰ্জুনগুৰিৰ মৃৎ শিল্পী

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ October 24, 2019 11:54 am

পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাথো কেইটামান দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃৎ শিল্পীসকল ব্যস্ত চাকি বনোৱাত। এইসকল শিল্পীৰ হাতৰ পৰশত প্ৰাণপাই উঠা প্ৰতিগজ বন্তিয়ে দেৱালীত উজলাই তোলে প্ৰতিঘৰ ব্যক্তিৰ পদুলি।

কিন্তু এইবছৰ মাটিৰ চাকি বন্তি বনোৱাৰ পৰা বিৰত আছে শিৱসাগৰৰ এখন গাঁৱৰ মৃৎ শিল্পৰ পৰিয়াল। বছৰ বছৰ ধৰি মাটিৰ চাকি বন্তি বনোৱা এইসকল পৰিয়ালে এইবাৰ দেৱালীত বনোৱা নাই চাকি।

দিখৌ নদীৰ পাৰত অৱস্থিত অৰ্জুনগুৰি কলিতা গাঁৱৰ বহুকেইটা পৰিয়ালে বছৰ বছৰ ধৰি এই মৃৎ শিল্পত জড়িত আছিল। পূৰ্বে দেৱালীৰ সময়ত লাখ লাখ মাটিৰ চাকি বনোৱা এই সকল মৃৎ শিল্পৰ পৰিয়ালে লাহে লাহে এৰিছে নিজৰ বংশগত বৃত্তি।

নদীৰ পলসুৱা মাটিৰ অভাৱ, হাজিৰাৰ লগতে প্ৰয়োজনীয় সা-সামগ্ৰী মূল্য বৃদ্ধিৰ বাবে এইদৰে লুপ্ত হ’ব ধৰিছে শিৱসাগৰৰ অৰ্জুনগুৰিৰ মৃৎ শিল্প। এই কথা জানিবলৈ দিয়ে এগৰাকী মৃৎ শিল্পীয়ে। তেওঁ কয় মাটিৰ চাকিৰ উচিত মূল্য লাভ নকৰাৰ বাবেও এই বৃত্তিৰ পৰা তেওঁলোক লাহে লাহে আঁতৰি আহিবলৈ বাধ্য হৈছে।

আনহাতে এই ব্যৱসায় জল পথেদি হয় আৰু বৰ্তমান দিখৌ নদীত পূৰ্বৰ দৰে নাও চলাচল নকৰাৰ বাবেও গাঁওখনত মৃৎ শিল্প লাহে লাহে লুপ্ত হ’ব ধৰিছে। এইক্ষেত্ৰত তেওঁলোকে চৰকাৰৰ পৰাও লাভ কৰা নাই কোনো সা সুবিধা।