NORTHEAST NOW (Assamese)
অসম

মাজুলীত ডেৰ শতাধিক শামুক ভঙা চৰাইৰ অকাল মৃত্যু

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ September 10, 2019 4:07 pm
Screenshot_20190910-133530_Video Player

সোমবাৰে অহা এজাক প্ৰচণ্ড ধুমুহা আৰু বৰষুণত মাজুলী বনগাঁও বালিকা বিদ্যালয়ৰ সন্মুখৰ গছসমূহত বাস কৰা প্ৰায় ডেৰ শতাধিক শামুক ভঙা চৰাই ( Asian Openbil)ৰ অকাল মৃত্যু হোৱাৰ লগতে বহু সংখ্যক চৰাই আহত হয়।

অঞ্চলটোত দীৰ্ঘদিনৰ পৰা বাস কৰি থকা শামুক ভঙা চৰাই বোৰৰ অকাল মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে বনগাঁও অঞ্চলৰ লোকসকল।

উল্লেখযোগ্য যে, ছেপ্টেম্বৰ, অক্টোবৰ মাহত শামুক ভঙা চৰাই বোৰৰ বংশবৃদ্ধি হোৱাৰ সময়।

খেৰ-কুটা কঢ়িয়াই পোৱালী জগোৱাৰ বাবে নতুনকৈ বাঁহ সাজি থকা অৱস্থাত অহা ধুমুহা-বৰষুণ জাকত চৰাই বোৰৰ বাঁহবোৰো ভাঙি যায়।

হাজাৰ হাজাৰ শামুক ভঙা চৰাই মাজুলীত বছৰ বছৰ ধৰি বাস কৰি মাজুলীক প্ৰাকৃতিক ভাবে সুন্দৰ কৰি ৰখাত অৰিহণা যোগাই অহাৰ লগতে জৈৱ বৈচিত্ৰক চহকী কৰি তুলিছে।

কিন্তু বিগত কিছু বছৰৰ পৰা চলি অহা অবাধ বনাঞ্চল ধ্বংস যজ্ঞৰ বাবে নদী দ্বীপটোত ক্ৰমান্বয়ে ওখ গছৰ সংখ্যা কমি অহিবলৈ লৈছে যাৰ বাবে বাসস্থানৰ অভাৱত এজোপা গছতে হাজাৰ হাজাৰ চৰায়ে বাস কৰিবলগীয়া হৈছে।

স্থানীয় ৰাইজে অঞ্চলটোত বৃক্ষৰোপন কৰি ভবিষ্যতে চৰাইৰ বাসস্থান বৃদ্ধি কৰাৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।