NORTHEAST NOW (Assamese)
অসম

আগন্তুক ২৪ ঘণ্টাত অসমত হ’ব বিজুলী-ঢেৰেকনিৰে প্ৰবল বৰষুণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2019 5:23 pm
Weather-750x375

অসম আৰু মেঘালয়কে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহত আগন্তুক ২৪ ঘণ্টাত প্ৰবল বৰষুণ হ’ব বুলি প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়।

পশ্চিম বংগ, ছিকিম, সৌৰাষ্ট্ৰ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাকে ধৰি উপ-হিমালয় পদদেশ সমূহত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জাননী জাৰি কৰিছে।

এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিম বংগ আদি ৰাজ্যসমূহত প্ৰচণ্ড বিজুলী-ঢেৰেকনিৰে প্ৰবল বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ উপৰিও www.skymetweather.com য়ে অসমকে ধৰি উত্তৰ-পূবত আগন্তুক ২৪ ঘণ্টাত বৰষুণ হ’ব বুলি উল্লেখ কৰিছে।

পশ্চিম অসমৰ ওপৰত এই সময়ছোৱাত ঘূৰ্ণি বতাহৰ প্ৰভাৱ পৰাৰো সম্ভাৱনা ব্যক্ত কৰিছে তেওঁলোকে।

পশ্চিম বংগ আৰু ছিকিমকে ধৰি অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশই সক্ৰিয় মৌচুমী জলবায়ুৰ সংস্পৰ্ষলৈ আহিব বুলি www.skymetweather.com ত প্ৰকাশ কৰা হৈছে।