NORTHEAST NOW (Assamese)
অসম

জীৱন বীমাৰ টকা উলিয়াবলৈ ভুৱা মৃত্যু প্ৰমাণপত্ৰ দিয়া চিকিৎসা বিষয়াক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 11, 2019 7:39 am
arrested-680x365

বৰপেটাত পূৰ্বেই মৃত্যু হোৱা এজন লোকক অন্য এটা তাৰিখত মৃত্যু হোৱা বুলি প্ৰমাণ পত্ৰ দি জীৱন বীমাৰ ধন উলিওৱাত সহায় কৰা এজন চিকিৎসক তথা মহকুমা চিকিৎসা বিষয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

চিকিৎসকজন হ’ল চেঙা খণ্ডৰ  প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা: নুৰুল ইছলাম৷ তেওঁক তাৰাবাৰী আৰক্ষী থানাই এই অভিযোগত গ্ৰেপ্তাৰ কৰে।

ডা: ইছলামে বৰপেটাৰ পালহাজীৰ মোজাম্মিল হক নামৰ যুৱক এজনৰ ২০১৭ চনৰ ৫ জুনত মৃত্যু হোৱা বুলি ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰিছিল, যিখন প্ৰমাণ পত্ৰ লৈ হকৰ পৰিয়ালটোৱে বীমা কোম্পানীৰ পৰা বীমাৰ ধন ১৬ লাখ টকা উলিয়াইছিল৷ কিন্তু মোজাম্মিল হক নামৰ এজন লোকৰ ২০১৬ চনৰ এপ্ৰিলতে মৃত্যু হৈছিল আৰু পিছৰ মৃত্যুটো মিছা আছিল।

পিছত এজন লোকে এই সন্দৰ্ভত এজাহাৰ দিয়াত চিকিৎসকজন আৰু পৰিয়ালৰ এই জালিয়াতি পোহৰলৈ আহে আৰু বীমা কোম্পানিয়ে গোচৰ দিয়ে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি/৪২০/১০৬/৪০৯/৪৬৮/৪৭১ ধাৰাৰ অধীনত ১৬১৯/১৯ নম্বৰত গোচৰ ৰুজু কৰে। তদন্ত চলি থকা গোচৰটোতে ডা: নজৰুল ইছলামক ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰৰ পিছতে ডা: ইছলামক বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰু তেওঁক আদালতে দুদিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।