NORTHEAST NOW (Assamese)
অসম

আন এটা নতুন বিতৰ্কৰ পুং; কলেজত বোৰ্খা নিষিদ্ধ, পিন্ধিলেই জৰিমনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 25, 2020 5:00 pm
Burqa

অৰ্থনৈতিকভাৱে লাভদায়ক নোহোৱা এটাৰ পিছত আন এটা বিতৰ্কই বন্দী কৰি ৰখা দেশখনত আৰম্ভ হৈছে আন এটা নতুন বিতৰ্ক।

পাটনাৰ এখন মহিলা মহাবিদ্যালয় জে ডি ৱ’মেন কলেজ কৰ্তৃপক্ষই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সমসাজ (য়ুনিফৰ্ম) নিৰ্ধাৰণ কৰি দিয়া জাননীত “বোৰ্খা”ক নিষিদ্ধ কৰা হৈছে।

বিশেষভাৱে আৰবীয় মুছলমান মহিলাই ৰাজহুৱা স্থানত ওলালে “বোৰ্খা” নামৰ মূৰৰ পৰা ভৰিলৈকে শৰীৰ ঢকা এবিধ ক’লা ৰঙৰ সাজ পৰিধান কৰে।

ভাৰততো কিছু সংখ্যক মুছলমান মহিলাই বোৰ্খা পৰিধান কৰে যদিও মহাবিদ্যালয়খনে ইয়াৰ ছাত্ৰীসকলক বোৰ্খা পিন্ধাৰ ক্ষেত্ৰত আনুষ্ঠানিকভাৱে বাৰণ কৰি সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ দৃষ্টি কাঢ়িছে।

বিজনেছ ষ্টেণ্ডাৰ্ডকে ধৰি কিছু সংখ্যক সংবাদ প্ৰতিষ্ঠানে এই বাতৰি দি কৈছে যে মহাবিদ্যালয়খনৰ অধ্যক্ষই স্বাক্ষৰ কৰা জাননীখনত নিৰ্ধাৰিত সাজ নিপিন্ধি বোৰ্খা পৰিধান কৰিলে ছাত্ৰীসকলক ২৫০ টকাকৈ জৰিমনা বিহা হ’ব বুলি কোৱা হৈছে।

বাতৰিটোৰ মতে, কেৱল শনিবাৰ দিনটো ছাত্ৰীসকলক য়ুনিফৰ্মৰ সলনি নিজা পচন্দৰ সাজ পিন্ধিবলৈ অনুমতি দিয়া হৈছে।