NORTHEAST NOW (Assamese)
অসম

CAB য়ে উত্তৰ-পূবৰ জনসাধাৰণৰ সাংবিধানিক অধিকাৰ খৰ্ব নকৰে বুলি কোৱাটো গৃহ মন্ত্ৰীৰ আভুৱা ভৰা কথা : এন ই এফ আই পি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 11, 2019 8:37 pm
17-02-19 Guwahati- State BJP office Foundation Stone Amit Shah (15)

উত্তৰ-পূবৰ মুখ্য মন্ত্ৰী সকলৰ উপস্থিতিত অলপতে অনুষ্ঠিত হৈ যোৱা নেডাৰ চতুৰ্থ সমাৰোহত অংশগ্ৰহণ কৰি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়কে উত্তৰ-পূবৰ কেইখনমান ৰাজ্যত চলি থকা ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাক ক্ষতিগ্ৰস্ত নকৰে বুলি দিয়া আশ্বাসৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এন ই এফ আই পি (North East Forum for Indigenous People) য়ে।

খিলঞ্জীয়া জনসাধাৰণে লাভ কৰি অহা সংস্কৃতি, ভাষা, অস্তিত্ব ৰক্ষাৰ সাংবিধানিক অধিকাৰ সমূহ বিধেয়কখনে কোনো কাৰণতে ক্ষতিগ্ৰস্ত নকৰে বুলিও গৃহ মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এ ই এফ আই পিয়ে ইয়াক অসত্য আৰু বিপথে পৰিচালনা কৰা বক্তব্য আখ্যা দিয়ে। বিধেয়কখনৰ  মাধ্যমেৰে উত্তৰ-পূবত বিদেশীৰ বোজা জাপি দিয়াহে হ’ব বুলি কয় সংগঠনটোৱে।

আনহাতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবৰ প্ৰতিগৰাকী খিলঞ্জীয়া নাগৰিকে সাংবিধানিক সুৰক্ষা লাভ কৰিব আৰু উত্তৰ-পূবৰ পৰা সকলো বিদেশীক বহিষ্কাৰ কৰা হ’ব বুলি দিয়া আশ্বাসক আদৰণি জনাইছে এন ই এফ আই পিয়ে।

এন ই এফ আই পিয়ে কেন্দ্ৰৰ দ্বাৰা আনিব বিচাৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পূৰ্ণ বিৰোধ কৰে আৰু ভবিষ্যতেও কৰি যাব বুলি উল্লেখ কৰে।

এই বিধেয়কৰ দ্বাৰা চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা হিন্দু, জৈন, শিখ, বৌদ্ধ, পাৰ্চি আৰু খ্ৰীষ্টিয়ান নাগৰিকক ভাৰতীয় নাগৰিকত্ব দিবলৈ কৰা চেষ্টাক কেতিয়াও গ্ৰহণ কৰা নহ’ব বুলি কয় তেওঁলোকে।

এন ই এফ আই পিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক ভাৰতীয় সংবিধানৰ ধাৰা চৈধ্যৰ অপৰিপন্থী বুলিও কোৱাৰ লগতে ই সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰত আঘাত হানিব বুলি মন্তব্য কৰে।

নাগৰিকত্ব বিধেয়কৰ দ্বাৰা উত্তৰ-পূবৰ জনসাধাৰণৰ লাভ হ’ব বুলি ভবা ধাৰণাটো সম্পূৰ্ণ বিকৃত আৰু এটা মিছা ধাৰণা বুলি উল্লেখ কৰি এন ই এফ আই পিয়ে ইয়াৰ ফলত সমগ্ৰ উত্তৰ-পূবৰ জনগাঠনিৰ আমূল পৰিবৰ্তন হ’ব বুলি কয়।

কেন্দ্ৰ চৰকাৰক উত্তৰ-পূবৰ জনসাধাৰণৰ মতৰ বিপৰীতে এনে সিদ্ধান্ত গ্ৰহণ নকৰিবলৈও  সংগঠনটোৱে আহ্বান জনায়।