NORTHEAST NOW (Assamese)
অসম

বিপদসংকুল অৱস্থাত থকা বিদ্যুতৰ তাঁৰে মহানগৰীত বিপদ মাতিলে শ্ৰমিকলৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 11, 2019 8:06 pm

গুৱাহাটী মহানগৰীৰ ছয় মাইলত আজি দুপৰীয়া প্ৰায় ১২ বজাত কৰ্মৰত অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি দুজন শ্ৰমিক বিদ্যুৎস্পৃষ্ট হোৱা এক ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ঘটনা বিৱৰণী মতে ছয়মাইলৰ উৰণীয়া সেঁতুৰ নিচেই কাষতে থকা বৰ্মণ এন্টাৰপ্ৰাইজৰ তৃতীয় মহলাৰ নিৰ্মাণৰ কাম কৰি থকা সময়ত বিল্ডিংটোৰ কাষতে বিপদসংকুল অৱস্থাত থকা বিদ্যুতৰ তাঁৰত লাগি মিস্ত্ৰী দুজন আঘাতপ্ৰাপ্ত হয়৷

আহত শ্ৰমিক দুজনক ক্ৰমে ছাহদেব শ্বেখ আৰু হাপিজ শ্বেখ বুলি চিনাক্ত কৰা হৈছে। ছাহদেবৰ ঘৰ মানকাছাৰৰ কাছাৰীপাৰাত আৰু হাপিজৰ ঘৰ মহানগৰীৰ শান্তিপুৰত৷

ইয়াৰে ছাহদেব নামৰ শ্ৰমিকজন গুৰুতৰভাৱে আহত হয়, তেওঁৰ দেহৰ প্ৰায় ৭০ শতাংশই জ্বলি যোৱা বুলি জানিব পৰা গৈছে। পিছত সংকটজনক অৱস্থাত তেওঁক ১০৮ এম্বুলেন্সেৰ জৰিয়তে নেমকেয়াৰ হস্পিতাললৈ লৈ যোৱা হয়।