NORTHEAST NOW (Assamese)
অসম

পেটৰ বিৰল টিউমাৰৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন নাৰায়ণা হাস্পতালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 13, 2019 8:03 am
op_3757961_835x547-m

আমিনগাঁও স্থিত নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ এদল চিকিসকে আন এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

পেটৰ এক বিৰল টিউমাৰৰ সমস্যাত দীৰ্ঘদিন ধৰি ভুগি থকা এগৰাকী ৰোগীৰ জটিল অথচ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰে নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ চিকিৎসকৰ দলটোৱে।

জিআই অঙ্ক’ছাৰ্জন ডাঃ দিগ্বিজয় শৰ্মা আৰু ডাঃ সৈকত মালিকৰ লগতে এনাষ্ঠেছিয়া বিশেষজ্ঞ ডাঃ ইমদাদ হুছেইন আৰু ডাঃ স্বপ্নীলে এই জটিল অস্ত্ৰোপচাৰটো সম্পাদন কৰে।

উল্লেখ্য যে শিলচৰৰ ৰঞ্জিৎ কুমাৰ সিংহ নামৰ এগৰাকী ৰোগীৰ দেহত এক বৃহৎ গেষ্ট্ৰ’ইণ্টেষ্টাইনেল টিউমাৰ ধৰা পৰিছিল।

বৃহদন্ত্ৰত ধৰা পৰা এই জিআইএছটি মানৱ দেহতেই অতি বিৰল। শতকৰা এজনতকৈও কম লোক এনে জটিল সমস্যাত আক্ৰান্ত হয়।

ৰোগীগৰাকীৰ দেহত সংকটপূৰ্ণ হাইপ’থাইৰ’ডিজম ধৰা পৰা বাবে এনাছথেছিয়া প্ৰয়োগ আৰু অস্ত্ৰোপচাৰৰ বাবেও জটিলতা আহি পৰিছিল।

এনেবোৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিআই অঙ্ক’ছাৰ্জন, এনাছথেছিষ্ট আৰু এণ্ডোক্ৰাইন’ল’জিষ্টৰ এটা দলে অহৰহ পৰ্যবেক্ষণেৰে অতি সাৱলীলভাৱে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন ৰাখি অস্ত্ৰোপচাৰটো সম্পন্ন কৰে।

উল্লেখ্য যে নাৰায়ণা হাস্পতালৰ ছাৰ্জিকেল গেষ্ট্ৰ’এণ্টাৰোল’জী আৰু জিআই অঙ্ক’ল’জী বিভাগে ইয়াৰ পূৰ্বেও ভালেমান জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰি আহিছে।

ইতিমধ্যে জিআই ট্ৰেক্ট, যকৃত,পাচনতন্ত্ৰ আদিৰ কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰো সফলতাৰে সম্পন্ন কৰিছে চিকিৎসকসকলে।