NORTHEAST NOW (Assamese)
অসম

চোৰ ‘চমজদাৰ’! দামী স্মাৰ্টফোন চলাব নোৱাৰি চোৰে নিজেই ঘুৰাই দিলে মালিকক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 8, 2020 11:23 am
WhatsApp Image 2020-09-08 at 10.40.57 AM

বান্দৰে নাৰিকলৰ মোল নুবুজাৰ দৰে কথাটো। পশ্চিমবংগৰ বৰ্দ্ধমানত সংঘটিত হৈছে এনে এক আজৱ ঘটনা।

এজন চোৰে চুৰ কৰি নিয়া স্মাৰ্টফোনটো নিজে ব্যৱহাৰ কৰিব নজনাৰ বাবে কেইদিনমান পাছত মালিকক ঘুৰাই দিয়ে।

সোমবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে যে যোৱা ৪ ছেপ্টেম্বৰত পূৱ বৰ্দ্ধমান জিলাৰ জমালপুৰৰ এখন মিঠাইৰ দোকানত এগৰাকী ব্যক্তিয়ে তেওঁৰ ৪৫ হাজাৰ টকীয়া মূল্যৰ মোবাইল ফোনটো পাহৰি এৰি আহিছিল।

দোকানৰ কাউন্টাৰত পৰি থকা সেই মোবাইলটো এজন ২২বছৰীয়া ব্যক্তিয়ে চুৰ কৰি লৈ যায়।

বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে মিঠাইৰ দোকানখনত ফোনটো বিচাৰি নোপোৱাৰ পাছত ফোনটোৰ গৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

ফোনৰ গৰাকীয়ে আন ফোনৰ পৰা ফোন কৰে যদিও চুৰি হোৱা ফোনটো বন্ধ পায়।

কিন্তু দেওবাৰে ব্যক্তিগৰাকীয়ে পুনৰ ফোন কৰাত চুৰি হোৱা ফোনটো বাজি উঠে আৰু সিপিনৰ পৰা ব্যক্তিগৰাকীয়ে ফোনটো তুলি কয় যে তেওঁ সেইটো ঘুৰাই দিব বিচাৰে কিয়নো এই মোবাইল ফোনটো কেনেকৈ চলাব লাগে তেওঁ নাজানে।

ফোনটোৰ গৰাকীয়ে কয় যে তেওঁ ব্যক্তিগৰাকীয়ে ফোনটো ঘুৰাই দিম বুলি কোৱাত আচৰিত হৈ পৰে আৰু সেই দিনাই আৰক্ষীৰ সহায়ত তেওঁৰ ঘৰলৈ গৈ ফোনটো লৈ আনে।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে অভিযোগকাৰীৰ অনুৰোধ মৰ্মে ফোন চুৰ কৰা ব্যক্তিজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।