NORTHEAST NOW (Assamese)
অসম

খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানৰ দাবীৰে চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 13, 2019 2:26 pm
WhatsApp Image 2019-09-13 at 1.13.00 PM

অসমৰ খিলঞ্জীয়া নাগৰিকক ভূমি পট্টা প্ৰদানৰ দাবীত চচলত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

প্ৰতিবাদকাৰী সকলে গুৱাহাটীৰ চৰকাৰী মাটি, পাহাৰ, জলাশয়ৰ পাৰ, গ্ৰাণ্ট আদিত বসবাস কৰা থলুৱা লোকসকলক শীঘ্ৰে ভূমি পট্টা প্ৰদানৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।

কৃষক মুক্তিৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে ‘‘তেজ দিম মাটি নিদিওঁ, বহিৰাগতক মাটি দিয়া বন্ধ কৰক, ৰামদেৱক মাটিৰ পট্টা কিয় দিব?’’ আদি শ্লোগানেৰে উত্তাল কৰি তোলে চচলৰ ধৰ্ণাস্থল।

প্ৰতিবাদত অংশ লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে ২০১১ চনৰ জুনত দিছপুৰত ভূমি অধিকাৰ বিচাৰি পাঁচ জন লোক চহিদ হোৱাৰ পাছতো বৰ্তমানলৈ গুৱাহাটীৰ থলুৱা লোকে ভূমি পট্টা নাপালে বুলি মন্তব্য কৰে।

বহু আন্দোলন, চৰকাৰৰ সৈতে আলোচনাৰ পাছতো চৰকাৰে তেওঁলোকৰ দাবী মানি নহলে বুলি অভিযোগ কৰি নৰ্থ-ইষ্ট নাওৰ মাধ্যমেৰে সোণোৱাল চৰকাৰক ভূমিহীন লোকক ভূমি পট্টা প্ৰদানৰ বাবে দাবী জনায়।

আনহাতে, প্ৰতিবাদস্থলীত শেষৰফালে কিছুসংখ্যক প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয়।

প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙি আগবাঢ়ি আহিবলৈ চেষ্টা কৰাৰ সময়ত নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়ে বাধা দিয়াৰ ফলতে হতাহতিৰ সৃষ্টি হয়।

পৰৱৰ্তী সময়ত উপ আৰক্ষী আয়ুক্ত অঞ্জন ভূঞা প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰতিবাদকাৰী সকলে মুখ্য মন্ত্ৰীলৈ দিয়া স্মাৰক পত্ৰ গ্ৰহণ কৰে।