বৰপেটাৰ “V 2″ৰ যুৱতীৰ শ্লীলতা হানি কৰা যুৱকক শিলচৰত আটক

বৰপেটা চহৰত যোৱা ১১ ছেপ্টেম্বৰত দিন দুপৰতে এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ ঘটনাৰ সৈতে জড়িত যুৱকজনক যোৱা নিশা আটক কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, হিন্দু ধৰ্মৱালম্বী যুৱতী গৰাকীয়ে উক্ত দিনা নিজ কৰ্মস্থলী “V 2″ত উপস্থিত হোৱাৰ লগে লগে ইছলাম ধৰ্মৰ যুৱকজনে যুৱতীগৰাকীক আগুচি ধৰি টনা-আজোৰা কৰাৰ লগতে মলৰ পাৰ্কিং ঠাইলৈ টানি লৈ যায় আৰু তাত যুৱতীগৰাকীৰ শ্লীলতা হানিৰ অপচেষ্টা চলায় ৷
পাছত ভুক্তভোগী যুৱতী গৰাকীয়ে এই ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত উপস্থিত হৈ হাফিজুৰ ৰহমান নামৰ যুৱক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷
এই ঘটনাক লৈ বৰপেটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ দাবীত কালি ৰামসেনাই প্ৰতিবাদী সমদলো উলিয়ায় ৷
অৱশেষত যোৱা নিশা শিলচৰৰ বাশকান্দিৰ পৰা হাফিজুৰ ৰহমানক আৰক্ষীয়ে আটক কৰা বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে ৷