NORTHEAST NOW (Assamese)
অসম

“আমিও খিলঞ্জীয়া”: ডিব্ৰুগড় বিশ্ব.বি. আছুৰ বিৰুদ্ধে প্ৰতিবাদত এ বি ভি পি

Posted by: অভীক চক্ৰবৰ্তী Updated by: অভীক চক্ৰবৰ্তী September 14, 2019 9:05 pm
ABVP protests alleging Dibrugarh University AASU members’ involvement in rough-up case

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটৰ “গুণ্ডা”ৰ শাস্তিৰ দাবীত শনিবাৰে প্ৰতিবাদী সমদল বাহিৰ কৰিছে।

হিন্দুত্ববাদী সংগঠনটোৱে তেওঁলোকৰ কৰ্মীৰ ওপৰত হোৱা এক মাৰপিটৰ ঘটনাৰ বাবে ছাত্ৰ সন্থাৰ সদস্যক জগৰীয়া কৰিছে।

দোষীক গ্ৰেপ্তাৰৰ দাবীত “ভাৰত মাতা কি জয়” ধ্বনিৰে ডিব্ৰুগড় আৰক্ষী থানা ঘেৰাও কৰি এ বি ভি পি সদস্যসকল আছুৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

“তেওঁলোকে (আছু) মনত ৰখা দৰকাৰ যে আমিও খিলঞ্জীয়া আৰু আমি এনেকুৱা ভয় দেখুওৱা কৌশল সহ্য কৰি নাথাকিম,” আছুৰ সদস্যই তেওঁলোকৰ কৰ্মীক পূৰ্বেও কেইবাবাৰো আক্ৰমণ কৰা বুলি উল্লেখ কৰি এ বি ভি পিৰ ডিব্ৰুগড় জিলা কনভেনৰ শান্তনু গগৈয়ে কয়।

এ বি ভি পিৰ দাবী, শিক্ষানুষ্ঠানখনত তেওঁলোকৰ বৰ্ধিত জনপ্ৰিয়তাত ভীতিগ্ৰস্ত হৈ ছাত্ৰ সন্থাই এই পথ লৈছে।

বিপৰীতে, ছাত্ৰ সন্থাই মাৰপিটৰ ঘটনাত জৰিত থকাৰ কথা অস্বীকাৰ কৰিছে। আৰু এ বি ভিপিৰ বিৰুদ্ধে তেওঁলোকেও এখন এজাহাৰ দিয়া বুলি বাতৰিত প্ৰকাশ।

সংগঠনটোৱে আছুবিৰোধী ধ্বনি দিয়াৰ বিপৰীতে ডিব্ৰুগড় আৰক্ষীকো গৰিহণা দিছে।

সংগঠনটোৰ মতে, তেওঁলোকৰ এজাহাৰৰ পিছত বিশ্ববিদ্যালয়খনৰ ছজন আছু সদস্যক আৰক্ষীয়ে থানালৈ মাতি পঠাইছিল, কিন্তু তেওঁলোকক পিছত যাবলৈ দিয়া হয়।

এ বি ভি পিৰ মতে, যোৱা ৯ ছেপ্তেম্বৰৰ সন্ধিয়া প্ৰায় ৫.৫৫ বজাত সংগঠনটোৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক নয়ন জ্যোতি শৰ্মা আৰু ৰোহিত নয়ন বৰুৱাক “আছু সদস্য”ই মাৰপিট কৰিছে।

দুয়ো ছাত্ৰ সংগঠনৰ যুযুধান অৱস্থানে পৰিস্থিতি বেয়া কৰি তোলাৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন কৰ্তৃপক্ষই অনিৰ্দিষ্টকাললৈ পিছুৱাই দিছে।

এই নিৰ্বাচন পূৰ্বে অহা ১৬ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল।