NORTHEAST NOW (Assamese)
অসম

বিজেপি চৰকাৰে বেংগলী মানুহৰ আবেগক লৈ ৰাজনীতি কৰিছে : প্ৰদ্যুৎ বৰদলৈ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ September 14, 2019 10:19 pm

‘কংগ্ৰেছৰ গাত শেষৰ এক টোপাল তেজ থকালৈকে এন আৰ চিৰ নামত হাৰাশাস্তি হোৱা প্ৰকৃত ভাৰতীয়সকলৰ ন্যায্য প্ৰাপ্তিৰ পক্ষত যুঁজ দিব।’ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই লিডুৰ ঠাকুৰবাৰীত আজি সন্ধ্যা অনুষ্ঠিত এক সভাত এই মন্তব্য কৰে।

উল্লেখযোগ্য যে পৰিস্থিতি অধ্যয়ন, মত বিনিময় আৰু সজাগতা সৃষ্টিৰ লক্ষ্যৰে এন আৰ চিত নাম বাদ পৰা ভাৰতীয় নাগৰিকসকলৰ কাষলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আৰম্ভ কৰা বাছ যাত্ৰা আজি তিনিচুকীয়া জিলাৰ ১২৪ নং  মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ লিডু ঠাকুৰবাৰী আৰু জাগুনত উপস্থিত হয়।

সভাত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, ‘বহু লোকৰ এন আৰ চিত নাম নথকাৰ বাবে শংকিত হৈ মৃত্যুমুখত পৰিবলগীয়া হৈছে। তেওঁলোকৰ আত্মসন্মানত আঘাত লগা কাম কৰিছে বিজেপি চৰকাৰে।’

তাৰোপৰি বৰদলৈয়ে কয় যে, ‘বিজেপি চৰকাৰে বেংগলী মানুহৰ আবেগক লৈ ৰাজনীতি কৰিছে। অসমৰ ডিটেনশ্যন কেম্পত সকলোতকৈ বেছি বেংগলী লোক আছে। হিন্দু বেংগলী লোকসকলক পাশা খেলৰ গুটি হিচাপে ব্যৱহাৰ কৰিছে। বেজ হৈ যাৰে, সাপ হৈ খুটে।’

সাংসদ বৰদলৈয়ে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ পৃষ্ঠপোষকতাত চোৰাং কয়লাৰ বেহা চলি থকাৰ অভিযোগ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

তেওঁ অবৈধভাৱে কয়লা খনন কৰিবলৈ গৈ ৮০ ৰো অধিক শ্ৰমিকে প্ৰাণ হেৰুৱা বুলি উল্লেখ কৰি তেওঁ এনে ঘটনাসমূহ বহিঃজগতৰ পৰা আৰক্ষী প্ৰশাসনে লুকুৱাই ৰখা বুলি অভিযোগ কৰি এনে চক্ৰত দুজনমান সাংবাদিকো জড়িত থকা বুলি কয়।

২০১৯ চনৰ পাছত নৰেন্দ্ৰ মোডী প্ৰধান মন্ত্ৰী হোৱাৰ পাছত এন আৰ চিৰ নামত ৰাজনীতিৰ খেল আৰম্ভ হৈছে বুলি বৰদলৈয়ে উল্লেখ কৰি জনসাধাৰণৰ বিপদৰ বন্ধু সদায় কংগ্ৰেছ দল, বিজেপি নহয় বুলি কয়।