NORTHEAST NOW (Assamese)
অসম

সুৰাৰ অবৈধ বটলিং প্লাণ্টৰ মালিক বিজেপিৰ শীৰ্ষ নেতা!!

Posted by: অনুপ শৰ্মা Updated by: অনুপ শৰ্মা September 14, 2019 11:36 pm
Jitu Goswami

আবকাৰী বিভাগে অসম-মেঘালয় সীমান্তত উচ্ছেদ কৰা অবৈধ সুৰা বটলিং প্লাণ্টটো অসম বিজেপিৰ দুজন শীৰ্ষ নেতাই চলাই আছিল বুলি তথ্য পোহৰলৈ আহিছে।

দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ শ্ল’গান দিয়া দলটোলৈ লজ্জা কঢ়িওৱা এই নেতা দুজন হ’ল ক্ৰমে জিতু গোস্বামী আৰু আনজন ৰাজকুমাৰ শৰ্মা।

১২ ছেপ্টেম্বৰত আবকাৰী বিভাগে অসম-মেঘালয় সীমাৰ বাৰ মাইলত এই অবৈধ সুৰা বটলিং প্লাণ্টটো উচ্ছেদ কৰিছিল আৰু বহু পৰিমাণৰ সুৰা, সুৰাৰ বহুতো খালী বটল আৰু বটলত লগোৱা ব্ৰেণ্ড লেবেল, বটল ৱাশ্বিং মেচিন আদি সামগ্ৰী বৃহৎ পৰিমাণত জব্দ কৰিছিল। অবৈধ সুৰা প্ৰস্তুত কৰা চৌহদটো ওখ দেৱালেৰে ঘেৰা আছিল।

অভিযানৰ সময়ত সুভাষ বড়ো নামৰ এজন লোকক গ্ৰেপ্তাৰো কৰে আবকাৰী আৰু আৰক্ষীয়ে, যিজন চৌহদটোৰ বিপৰীতে থকা মেছাৰ্ছ হিমালয়া ডিছটিলেৰি প্ৰাইভেট লিমিটেডৰ এজন কৰ্মচাৰী বুলি আবকাৰী বিভাগৰ বিষয়াই জানিবলৈ দিছে।

জেৰাত সুভাষ বড়োৱে তেওঁ যোৱা ১৫ বছৰ ধৰি মেছাৰ্চ হিমালয়া ডিছটিলেৰি প্ৰাইভেট লিমিটেডত কাম কৰি আছে বুলি কয়।

“মই মাথো মোক মালিক জিতু গোস্বামীয়ে যি কৰিবলৈ দিছে সেইটো কৰিবলৈ চেষ্টা কৰিছো”, দণ্ডাধীশৰ সন্মুখত বড়োৰ স্বীকাৰোক্তি।

Jitu Goswami_2

বড়োৰ জামিন আৱেদন নাকচ কৰা হয় আৰু ১৪ দিনৰ ন্যায়িক জিম্মালৈ দিয়া হয়।

বড়োৰ ভাষ্যত এইটো স্পষ্ট হয় যে জিতু গোস্বামীয়ে অবৈধ বটলিং প্লাণ্টটোত চোৱাচিতা কৰিবলৈ পূৰ্ণকান্ত নেওগ নামৰ এজনক দায়িত্ব দিছিল।

মন কৰিব লগীয়া কথাটো হ’ল ২০১৫ চনত মেছাৰ্ছ হিমালয়া ডিছটিলেৰি প্ৰাইভেট লিমিটেড ৫.৬ কোটি টকা ঋণ ঘূৰাই নিদিয়া বাবে আই ডি বি আই বেংকৰ দ্বাৰা ছীল কৰি দিয়া হৈছিল।

বড়োৱে তেওঁৰ স্বীকাৰোক্তিত কয়, সুৰা উৎপাদন আৰু বটলিঙৰ কাম যোৱা ডেৰ বছৰ ধৰি চলি আহিছে।

আৰম্ভণিতে বিজেপি নেতা গোস্বামীয়ে বৰ্তমান বটলিং প্লাণ্টটো থকা ঠাইখিনিতে শ্ৰমিকৰ শিবিৰ নিৰ্মাণ কৰিছিল।

জিতু গোস্বামী বিজেপিৰ এজন গুৰুত্বপূৰ্ণ নেতা আৰু লগতে তেওঁ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষও। তেওঁ যোৱা বিধানসভা নিৰ্বাচনত নগাওঁ জিলাৰ চামগুৰিৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল।

আনপিনে ৰাজকুমাৰ শৰ্মা অসম বিজেপিৰ কোষাধ্যক্ষ পদত আছে।

গোস্বামী আৰু ৰাজকুমাৰ শৰ্মা মেছাৰ্ছ হিমালয়া ডিছটিলেৰি প্ৰাইভেট লিমিটেডৰ একোজন ডিৰেক্টৰ বুলি জানিব পৰা গৈছে।

শৰ্মাই তেওঁ কোম্পানিটোৰ এজন নন-এক্সিকিউটিভ ডিৰেক্টৰহে আৰু সেয়ে কি চলি আছে নাজানে বুলি মন্তব্য কৰে। যোৱা মাৰ্চতে তেওঁ সেই পদটোৰ পৰাও পদত্যাগ কৰা বুলি জনায়। জিতু গোস্বামী কোম্পানিটোৰ মালিক বুলিও তেওঁ স্বীকাৰ কৰে।

ঘটনাটোৱে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া বুলি পৰিচয় দিব খোজা দলটোক যথেষ্ট বিব্ৰত কৰাৰ সম্ভাৱনা আছে।

Jitu Goswami_3

আবকাৰী বিভাগে পূৰ্ণকান্ত নেওগৰ সন্ধানতো থকা বুলি জানিবলৈ দিছে।

ইপিনে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়াত জিতু গোস্বামীয়ে কয়, “মেছাৰ্ছ হিমালয়া ডিছটিলেৰি প্ৰাইভেট লিমিটেডৰ কামত কোনো অনিয়ম নাই। আমাৰ প্ৰতিষ্ঠানটোৰ বিপৰীতে থকা এটা প্লাণ্টতহে এই অবৈধ কাম ধৰা পৰিছে, যিটো আমাৰ প্ৰাক্তন কৰ্মচাৰী সুভাষ বড়োৱে চলায়।”

অসম বিজেপি জ্যেষ্ঠ নেতা তথা মুখপাত্ৰ মমিনুল আৱাল আৰু বিজন মহাজনে বিষয়টোত মন্তব্য দিবলৈ অস্বীকাৰ কৰে।