NORTHEAST NOW (Assamese)
অসম

প্ৰতি লিটাৰত ৫-৬টকাকৈ বাঢ়িব পেট্ৰ’ল-ডিজেলৰ দৰ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 17, 2019 1:58 pm
petro-ksCG--621x414@LiveMint 7

চৌদি তেল উৎপাদন কোম্পানীত ড্ৰোণ আক্ৰমণৰ তেলৰ বজাৰত ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

ভাৰতত তেলৰ দৰ অহা পোন্ধৰ দিনত ৫-৬টকা বৃদ্ধি পাব পাৰে।

বিশেষজ্ঞসকলে এনে অনুমান কৰি লগতে কৈছে যে ইয়াৰ ফলত বয়-বস্তুৰ দৰ বৃদ্ধিৰ সম্ভাৱনাও আছে।

দেওবাৰে চৌদি আৰৱৰ তেল উৎপাদন কোম্পানী আৰামকোত য়েমেনৰ হুতি বিদ্ৰোহীয়ে চলোৱা আক্ৰমণৰ ফলত কোম্পানীটোৰ দুটা উৎপাদন গোটৰ ব্যাপক ক্ষতি হয়।

ইয়াৰ ফলত অপৰিশোধিত তেল উৎপাদন একেকোবে ৫ শতাংশ কমি গৈছে।

অপৰিশোধিত তেল উৎপাদন কমি যোৱাৰ ফলত আন্তৰ্জাতিক বজাৰত তেলৰ দৰ একেকোবে প্ৰতি বেৰেলত ২০ শতাংশ বাঢ়ি গৈছে।

আন্তৰ্জাতিক বজাৰত তেলৰ দৰ বৃদ্ধি পোৱাৰ প্ৰভাৱ ভাৰততো পৰিব পাৰে।

উল্লেখযোগ্য যে যোৱা ৮ ছেপ্টেম্বৰৰ পৰাই পেট্ৰ’লৰ দৰ ক্ৰমে বৃদ্ধি পাই আহিছে। মঙলবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দৰ ৭৪.৩০ টকা আৰু ডিজেলৰ দৰ প্ৰতি লিটাৰত ৬৮.৫৮টকা।

আনহাতে, যোৱা ৮ ছেপ্টেম্বৰত গুৱাহাটীত পেট্ৰলৰ প্ৰতিলিটাৰত দৰ আছিল ৭৩.৮৫ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত আছিল ৬৮.০৬টকা।

চৌদিৰ আক্ৰমণৰ ঘটনাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰটো ইয়াৰ প্ৰভাৱ পৰিছে। পৰিস্থিতিলৈ চাই দেশখনে তেওঁলোকৰ মজুত থকা তৈল ভাণ্ডাৰ খোলাৰ কথা ভাবিছে।