NORTHEAST NOW (Assamese)
অসম

অসম আন্দোলনৰ বৃহৎ প্ৰাপ্তি “উন্নীতকৃত এন আৰ চি”ত নাম নাই আন্দোলনটোৰ চহিদ পৰিয়ালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 18, 2019 8:01 am
Logo_of_NRC_Assam-1140x570

অসম আন্দোলনৰ ফলত অসমে লাভ কৰা উন্নীতকৃত এন আৰ চিত নাম নাই আন্দোলনটোৰ এটা চহিদ পৰিয়ালৰ সদস্যসকলৰ আৰু ইয়াৰ ক্ষোভত চৰকাৰে দিয়া চহিদ স্মাৰক ঘূৰাই দিয়াৰ সিদ্ধান্ত কৰিছে পৰিয়ালটোৱে।

নগাওঁ জিলাৰ ৰহাৰ ডালিমবাৰীৰ মদন মল্লিকৰ পৰিয়ালে যোৱা ২০১৬ চনৰ ১০ ডিচেম্বৰত সোণোৱাল চৰকাৰে অসম আন্দোলনৰ চহিদসকলক দিয়া স্মাৰক পত্ৰ লাভ কৰিছিল। লগতে চহিদৰ পৰিয়ালক দিয়া এককালীন সাহায্যও লাভ কৰিছিল।

কিন্তু চহিদ মদন মল্লিকৰ পত্নী সৰ্বমাল্লা মল্লিক আৰু তেওঁৰ তিনিজন পুত্ৰৰ নাম শেহতীয়াকৈ প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নহ’ল।

অসম আন্দোলনৰ বৃহৎ প্ৰাপ্তি হিচাপে গণ্য হোৱা উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অসম আন্দোলনৰ চহিদৰ পত্নী, পুত্ৰৰ নাম নথকাটোৱে আচৰিত কৰিছে বহুতকে।

পৰিয়ালটোৱে সংবাদ মাধ্যমক জনোৱা মতে, সদস্যসকলে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ১৯৬৭ চনত অৰিয়েণ্টেল ইন্সুৰেন্স কোম্পানিত চাকৰি কৰাৰ প্ৰমাণ পত্ৰ, ১৯৫০ চনত জন্ম লাভ কৰাৰ প্ৰমাণ পত্ৰ আদি জমা দিছিল।

পৰিয়ালটোৰ সদস্যসকলক এন আৰ চি কৰ্তৃপক্ষই আঠবাৰকৈ শুনানিৰ বাবে মাতিছিল। কিন্তু ইমানৰ পিছতো তেওঁলোকৰ নাম অন্তৰ্ভুক্ত নহ’ল বুলি জানিবলৈ দি ক্ষোভ প্ৰকাশ কৰে পৰিয়ালটোৱে।

পৰিয়ালটোৰ সদস্যসকলে এতিয়া নিজকে স্বদেশী বুলি প্ৰমাণিত কৰিবলৈ বিদেশী ন্যায়াধিকৰণত হাজিৰ হ’ব লগীয়া হ’ব পাৰে, যিটোক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে প্ৰতিবাদ স্বৰূপে চহিদ পৰিয়ালৰ স্বীকৃতি ঘূৰাই দিবলৈ মন কৰিছে তেওঁলোকে।

৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত এন আৰ চিত ৰাজ্যখনৰ ৩.১১ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাদ পৰিছিল প্ৰায় ১৯ লাখ আৱেদনকাৰীৰ নাম।

এন আৰ চিত বহুতো স্বদেশী লোক বাদ পৰা আৰু বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উঠিছে বিভিন্ন পক্ষৰ পৰা।