NORTHEAST NOW (Assamese)
অসম

‘আমি বাংলাদেশী নহয়’; বাকছাত উত্তেজিত জনতাই বাট আগচি বিচাৰিলে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ তথ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 18, 2019 6:45 pm
representing image

অসমৰ বাকছা জিলাত অলপতে চাৰিগৰাকী লোকক উত্তেজিত জনতাই আৰক্ষীৰ হাতত গটাই দিয়াৰ পূৰ্বে ‘বাংলাদেশী টেষ্ট’ কৰাবলৈ বাধ্য কৰায়।

জানিব পৰা মতে, চাহিদ মিঞা আৰু তেওঁৰ পত্নী বিমলা বেগম, লালবোৰ আলি আৰু আব্দুল কায়াম নামৰ চাৰিগৰাকী লোকে গুৱা্হাটীৰ পৰা সুৱাগপুৰলৈ এখন পিক-আপ ট্ৰাকত ঘৰ বনোৱা সামগ্ৰী লৈ উভতি আহি আছিল।

আহি থাকোতে বাটত ৫০ জনীয়া এটা লোকৰ দলে বাট আগচি  ধৰে আৰু তেওঁলোকক এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱাৰ তথ্য দেখুৱাবলৈ দাবী জনায়।

আনহাতে, যেতিয়া লোককেইগৰাকীয়ে প্ৰয়োজনীয় পৰিচয়পত্ৰ দেখুৱাবলৈ সক্ষম নহ’ল উত্তেজিত জনতাৰ দলটোৱে তেওঁলোকক আটক কৰি গোৰেশ্বৰ আৰক্ষী থানাত গটাই দিয়ে।

গোৰেশ্বৰ আৰক্ষী থানাৰ আৰক্ষী অধীক্ষক এইচ গোস্বমীয়ে চাৰিগৰাকী লোকক উত্তেজিত জনতাই থানালৈ লৈ আহি আৰক্ষীৰ হাতত গটাই দিয়ে বুলি সংবাদ মাধ্যমৰ আগত কয়।

প্ৰাথমিক সোধ-পোচৰ অন্তত তেওঁলোক অবৈধ অনুপ্ৰৱেশকাৰী নহয় বুলি প্ৰমাণ হয় বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখযোগ্য যে, এন আৰ চিৰ পৰা নাম বাদ পৰা লোক বুলি সন্দেহ কৰি উত্তেজিত জনতাই হাৰাশাস্তি কৰাৰ এয়া প্ৰথম ঘটনা নহয়।