NORTHEAST NOW (Assamese)
অসম

‘অস্কাৰ’ৰ বাবে পঠোৱা হৈছে ৰীমা দাসৰ বুলবুল কেন সিং; ২০ ছেপ্টেম্বৰত ৰাজ্যজুৰি মুক্তি

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া September 19, 2019 5:38 pm

শুক্ৰবাৰে অৰ্থাৎ ২০ ছেপ্তেম্বৰত মুক্তি পাব ৰীমা দাসৰ বহু চৰ্চিত ছবি বুলবুল কেন সিং। ৰজত কমল বঁটা লাভ কৰা ছবিখন ইতিমধ্যে প্ৰদৰ্শন হৈছে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰায় ৪০খনতকৈ অধিক ফিল্ম ফেষ্টিভেলত।

সেই অনুসৰি ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়ালৈ ছবিখনে লাভ কৰিবলৈ সক্ষম হৈছে ১৩টাকৈ বিশেষ সন্মান।

তাৰ ভিতৰত অন্যতম মুম্বাই ফিল্ম ফেষ্টিভেলত লাভ কৰিছিল শ্ৰেষ্ঠ ছবি সন্মান, বাৰ্লিন ফিল্ম ফেষ্টিভেলত লাভ কৰিছিল যুৰী বিশেষ বঁটা।

এই কথা আজি  মহানগৰীৰ প্ৰেছ ক্লাবত এক সংবাদ মেলত উল্লেখ কৰে পৰিচালক ৰীমা দাসে।

অতি কম প্ৰচাৰৰ মাজতে ছবিখন মুক্তিদিব লগা প্ৰসংগত পৰিচালক ৰীমা দাসে কয়, ‘বুলবুল কেন সিং ছবিখন আজি এসপ্তাহৰ পূৰ্বে অস্কাৰৰ বাবে পঠোৱা হৈছে। অস্কাৰৰ নিয়ম অনুসৰি ছবিখন ২৮ছেপ্টেম্বৰৰ ভিতৰত মুক্তি পাব লাগে। সেই বাবে আমি প্ৰচাৰ কৰিব নোৱাৰাকৈ মুক্তি দিব লগা হৈছে।’

‘বুলবুল কেন সিং’ সন্দৰ্ভত পৰিচালক ৰীমা দাসে কয় ‘ভিলেজ  ৰকষ্টাৰ’তকৈ গভীৰ হ’ব চৰিত্ৰতো। মূলত নৱ-প্ৰজন্মই উপভোগ কৰি ভাল পাব ছবিখন। ছবিখনত আবেগক গৌণ কৰি মূল্যবোধক দিয়া হৈছে গুৰুত্ব”।

সমূহ অসমবাসী ৰাইজক ছবিখন চোৱাৰ বাবে আহ্বান জনায় পৰিচালক ৰীমা দাসৰ লগতে ‘বুলবুল কেন সিং’ৰ সকলো কলা-কৌশলীয়ে।