NORTHEAST NOW (Assamese)
অসম

এন ডি আৰ এফত এবছৰৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব মহিলা কেডাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2019 6:23 pm
NDRF

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ (এন ডি আৰ এফ)ত এবছৰৰ ভিতৰত মহিলা কেডাৰক অন্তৰ্ভুক্ত কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰে ২০১৮ চনত এন ডি এৰ এফ বেটেলিয়নত মহিলা কেডাৰক অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

এন ডি আৰ এফৰ সঞ্চালক প্ৰধান এছ এন প্ৰধান জনোৱা অনুসৰি পূৰ্বে মহিলা কেডাৰ সকলক ৰখাৰ বাবে প্ৰয়োজনীয় আৱাস আৰু সা-সুবিধা উপলব্ধ নাছিল যদিও বৰ্তমান মহিলা কেডাৰসকলক ৰখাৰ বাবে থকাৰ সকলো সু-ব্যৱস্থা প্ৰস্তুত হৈ উঠিছে।

‘‘আমি মহিলা অপাৰেটৰ সকলৰ নিয়োগ প্ৰক্ৰিয়া আৰম্ভ কৰিছো’’- প্ৰধানে কয়।

আনহাতে, কেন্দ্ৰীয় চৰকাৰক এবছৰৰ ভিতৰত নিৰ্দিষ্ট পৰিমানৰ মহিলা কেডাৰ এন ডি আৰ এফত অন্তৰ্ভুক্ত কৰিব পৰা যাব বুলিও সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে।

তদুপৰি, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু দিল্লীত অৱস্থিত হোৱাকৈ এন ডি আৰ এফৰ নতুন চাৰিটা বেটেলিয়ন গঠন কৰা হৈছে বুলিও তেওঁ জনায়।

বৰ্তমান এন ডি আৰ এফত মুঠ ১২ টা বেটেলিয়ন আছে।