NORTHEAST NOW (Assamese)
অসম

কোনবোৰ স্মাৰ্টফোনে বিকিৰণ কৰে অধিক তেজস্ক্ৰিয় ৰশ্মি? পোহৰলৈ আহিছে সুদীৰ্ঘ তালিকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2019 6:30 pm
Happy young woman talking on mobile phone

দিন যোৱাৰ লগে লগে স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যাও বৃদ্ধি পাইছে। ইন্টাৰনেট সুলভ হৈ অহাৰ বাবে এতিয়া অধিক সংখ্যক লোকেই পূৰ্বৰ তুলনাত অধিক সময় স্মাৰ্টফোনৰ সৈতে কটায়।

পিচে, ইয়াৰ উপযোগিতাৰ সমান্তৰালভাৱে তাৰ ক্ষতিৰ দিশটোও উপেক্ষা কৰিব নোৱাৰি। স্মাৰ্টফোনৰ তেজস্ক্ৰিয় ৰশ্মিয়ে মানুহৰ শৰীৰত নানা ধৰণৰ ক্ষতি কৰে।

তেজস্ক্ৰিয় ৰশ্মি বা ৰেডিয়েশ্যনে একাধিক বেমাৰৰো সৃষ্টি কৰিব পাৰে। আনকি কেন্সাৰৰ দৰে ৰোগৰ কাৰণো হৈ উঠিব পাৰে এই ৰেডিয়েশ্যন।

সেয়েহে, যিকোনো স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ আগেয়ে বহু কথা চিন্তা কৰা জৰুৰী। যিমান পাৰি তেজস্ক্ৰিয় ৰশ্মিৰ পৰা দূৰত থকাটো মংগলজনক।

প্ৰতিটো স্মাৰ্টফোনৰ বিকিৰণৰ পৰিমান ভিন্ন হয়। কোনোবাটোৱে আপোনাৰ দেহত অধিক ক্ষতি কৰিব পাৰে। আন কিছুমানে তুলনামূলকভাৱে কম ক্ষতি কৰে।

বৰ্তমান কোন ফোনৰ তেজস্ক্ৰিয় বিকিৰণ কিমান তাৰ এখন তালিকা পোহৰলৈ আহিছে। তালিকাত আপোনাৰ স্মাৰ্টফোনটোও আছে নেকি মিলাই চাব পাৰে।

chartoftheday_12797_the_phones_emitting_the_most_radiation_n
ষ্টেটিষ্টা অনলাইনত প্ৰকাশ পোৱা তালিকাখন.

ষ্টেটিষ্টা অনলাইনত (statista) এখন তালিকা প্ৰকাশ পাইছে। ইয়াত SARৰেডিয়েশ্যন বা স্পেছিফিক এবজ্যোৰ্পশ্যন ৰেট’ৰ পৰিমান সম্পৰ্কে কোৱা হৈছে।

উক্ত তালিকাৰ শীৰ্ষত আছে Xiaomi Mi A1। ভাৰতৰ ২০১৭’ত এই মডেলটো বজাৰলৈ আহিছিল। কোম্পানীৰ এই মডেলৰ ফোনটোৱে প্ৰতি কেজিত ১.৭৫ ৱাট তেজস্ক্ৰিয় বিকিৰণ ঘটাইছে।

ষ্টেটিষ্টাই জানিবলৈ দিয়া মতে, ৰেডিয়েশ্যন প্ৰতিৰোধৰ বাবে প্ৰস্তুত কৰা জাৰ্মান ফেডাৰেল কাৰ্যালয়ৰ তাত স্মাৰ্টফোনৰ এটি দীঘলীয়া তথ্য ভাণ্ডাৰ আছে।

উক্ত তথ্য ভাণ্ডাৰতে উল্লেখ আছে কোনটো ফোনে কিমান পৰিমানৰ তেজস্ক্ৰিয় বিকিৰণ কৰে।

তেওঁলোকে তালিকাৰ এক নম্বৰতে Xiaomiৰ উক্ত মডেলটোৰ নাম নিশ্চিত কৰিছে। তদুপৰি, তালিকাৰ দ্বিতীয় স্থানত আছে এই কোম্পানীটোৰ Mi Max 3 মডেলটো। ই প্ৰতি কেজিত ১.৫৮ ৱাট তেজস্ক্ৰিয় ৰশ্মি বিকিৰণ কৰে।

তদুপৰি, তালিকাত ছোনী, গুগল, এপ’লৰ দৰে বিখ্যাত কোম্পানীৰ মডেলৰ নামো আছে।

তালিকাত আপোনাৰ ফোনটোও হয়তো থাকিব পাৰে। কিন্তু এই তেজস্ক্ৰিয় ৰশ্মিৰ পৰা আপুনি কেনেকৈ হাত সাৰিব? ইয়াৰ কেইটামান উপায় জানি থওক।

কাণত ফোনটো হেচা মাৰি ধৰি দীঘলীয়া বাৰ্তালাপ কৰা কমাওক। ভইচ কলৰ বিপৰীতে চাট বা টেক্সট মেচেজ কৰক।

ফোনত অধিক কথা পতাৰ প্ৰয়োজন হ’লে স্পীকাৰ বা হেডফোন ব্যৱহাৰ কৰক। তদুপৰি, নম্বৰ ডায়েল কৰিয়েই কাণত ফোনটো নধৰিব। বিপৰীত ফালে ফোনটো ৰিচিভ কৰিব দিয়ক।

আনহাতে, য’ত ছিগনেলৰ সমস্যা থাকে তাত ফোনৰ ব্যৱহাৰ কম কৰাটোৱে ভাল।

বৰ্তমান ব্যস্ততাপূৰ্ণ জীৱনত ফোন ব্যৱহাৰ নকাৰকৈ থাকিব নোৱাৰি, গতিকে  ব্যৱহাৰ কৰোতে সাৱধান হওক।