NORTHEAST NOW (Assamese)
অসম

ছাত্ৰ কৰ্মীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ প্ৰতিবাদ; নলবাৰীত গাঁৱে গাঁৱে সোণোৱালৰ প্ৰতিকৃতিক ফাঁচী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 2, 2020 4:01 pm
Nalbari News

নতুন বছৰৰ প্ৰথম দিনটোতে সৰ্থেবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰমলৈ যোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক’লা পতাকা দেখুওৱা নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ছাত্ৰ কৰ্মীসকলক অসম আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰাৰ বিৰুদ্ধে আজি নলবাৰী জিলা ছাত্ৰ সন্থাই বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে।

গণতান্ত্ৰিকভাৱে ক’লা পতাকা প্ৰদৰ্শন কৰা শান্তিপূৰ্ণ ছাত্ৰ কৰ্মীসকলক আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰাৰ বিৰুদ্ধে নলবাৰী জিলা ছাত্ৰ সন্থাৰ আহ্বানত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতীকৃতিক ফাঁচী দিয়ে।

নলবাৰী জিলাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই সোণোৱালৰ প্ৰতীকৃতি ফাঁচী দি ‘জাতীয় নায়ক হায় হয়’, ‘কা আমি নামানো’ শ্লোগান দিয়ে।

উল্লেখযোগ্য যে, ১ জানুৱাৰীত মুখ্য মন্ত্ৰী সোণোৱালে নলবাৰী হৈ সৰ্থেবাৰীলৈ গৈ থকা অৱস্থাত ৰাস্তাত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে ক’লা পতাকা প্ৰদৰ্শন কৰিছিল।

ছাত্ৰ কৰ্মী সকলৰ এই প্ৰতিবাদী কাৰ্য্যসূচীৰ বাবে কৰ্তব্যৰত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক খেদি খেদি প্ৰহাৰ কৰে।

আৰক্ষীৰ প্ৰহাৰত উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চন্দন বেজবৰুৱা গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয়।