NORTHEAST NOW (Assamese)
অসম

লক্ষ্য পশ্চিমবংগৰ নিৰ্বাচন: এইবাৰ বাংলা শিকিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 2, 2020 3:57 pm
1493217945_amit-shah

বিজেপিৰ সন্মুখত এতিয়া মাত্ৰ এটাই লক্ষ্য আৰু সেয়া হৈছে পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচন। ইয়াৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে সম্ভৱপৰ যিকোনো কৌশল গ্ৰহণ কৰিব পাৰে।

পিচে, মুখৰ কথাতেইতো আৰু চিৰা নিভিজে। বাংলা দখল কৰাৰ বাবে বাংলাৰ ভাষা-সংস্কৃতিও আয়ত্ব কৰাৰ প্ৰয়োজন আছে।

এই বাস্তৱ সত্য বুজিব পাৰি বিজেপিৰ নেতাসকলে বংগবাসীৰ মন জয় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে।

বিজেপিৰ ৰাজ্যিক নেতাসকলে ইতিমধ্যে সম্ভৱপৰ সকলোখিনি উজাৰি দিয়াৰ চেষ্টা কৰিছে। আনকি বঙালী মহানায়কসকলকো প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছে। ঋত্ত্বিক ঘটকৰ ছবিৰ অংশও শেহতীয়াভাৱে ব্যৱহাৰ কৰিছে ৰাজ্যিক বিজেপিয়ে।

কিন্তু ৰাজ্যিক বিজেপিৰ ওপৰতে ভৰসা কৰি বহি থাকিব বিচৰা নাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। বিজেপি সূত্ৰৰ খবৰ অনুসৰি, সেয়ে হেনো নিজেই বাংলা শিকিছে শ্বাহে।

জানিব পৰা মতে, বিজেপিৰ ৰাজ্যিক নেতাৰ বক্তৱ্য, তেওঁলোকৰ কাৰ্যসূচীকে ধৰি বাংলা বাতৰিকাকতসমূহে প্ৰকাশ বাতৰি এই সকলো প্ৰতিবেদন অমিত শ্বাহলৈ প্ৰেৰণ কৰা হয়।

বাংলাৰ এই সমস্ত প্ৰতিবেদন অমিত শ্বাহক অনুবাদ কৰি শুনোৱা হয়। কিন্তু অনুবাদকৰ ওপৰত ভৰসা নকৰি ২১’ত বিধানসভা নিৰ্বাচনত যাতে ভাষা বাধা হৈ নপৰে তাৰ বাবে বাংলা শিকি ল’ব বিচাৰিছে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।

উল্লেখযোগ্য যে বিজেপিৰ ৰাজ্যিক নেতাসকল তেওঁলোকৰ ভাষাৰ বাবে কটাক্ষৰ সন্মুখীন হৈছে। ৰাজ্যিক সভাপতি দিলীপ ঘোষক তেওঁৰ ভাষাৰ বাবে তৃণমূলৰ ফালৰ পৰা আক্ৰমণ কৰাই নহয়, বহিৰাগত বুলিও কটাক্ষ কৰা হৈছে।

এতিয়া বঙালী আৰু বাংলা ভাষাৰ সৈতে গভীৰ একাত্মতা গঢ়াৰ লক্ষ্য স্থিৰ কৰিছে বিজেপিয়ে। সূত্ৰ অনুসৰি, পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনী সভাত অমিত শ্বাহে বাংলাতে ভাষণ দিয়াৰো সম্বাৱনা আছে।