NORTHEAST NOW (Assamese)
অসম

এইবাৰ অগপ-বিজেপিৰ অবৈধ ‘প্ৰেম’ ফাদিল কংগ্ৰেছ নেতাৰ!

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক November 15, 2018 9:04 pm
Apurba Bhattacharya, General Secretary and senior spokesperson of Assam Pradesh Congress Committee (APCC), addressing a press conference at Rajiv Bhawan in Guwahati on 15-11-18. Pix BY UB photos

‘অবৈধ প্ৰেম’ত লিপ্ত অগপ-বিজেপি! অসমৰ আন সমস্যাৰ লগতে নাগৰিকত্ব বিধেয়কক লৈ বিপৰীত মেৰুত অৱস্থান লৈ চৰকাৰ চলোৱা দুই দলক বৃহস্পতিবাৰে এইদৰে আক্ৰমণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই।

‘‘তেওঁলোকৰ প্ৰেম বৈধ নহয়। নহ’লেনো কথাই প্ৰতি ঠেহ-ভেম, কথাই প্ৰতি কাজিয়া, সেইটো আৰু কেনে মিত্ৰতা?’’ ভট্টাচাৰ্য্যৰ মন্তব্য।

ৰাজ্যৰ আসন্ন পঞ্চায়ত নিৰ্বাচনত একক প্ৰতিদ্বন্দ্বিতা কৰিব বুলি অগপ-বিজেপিয়ে কৰা ঘোষণাক ‘হাস্যকৰ’ৰূপে অভিহিত কৰি তেওঁলোকে গোপন মিত্ৰতা কৰাৰ অভিযোগ কৰিছে ভট্টাচাৰ্য্যই।

“গোপন বুজাবুজি নহ’লে তেওঁলোকে নিৰ্বাচন খেলিবই নোৱাৰিব। বিজেপিৰনো ক’ত প্ৰাৰ্থী আছে? কংগ্ৰেছৰ পৰিত্যক্ত এসোপামানক লৈ গৈছে, যিবোৰে কংগ্ৰেছত টিকট নাপায় বুলি নিশ্চিত আছিলে। আৰু অসম গণ পৰিষদৰ হতাশগ্ৰস্ত এচামক গেৰুৱা চোলা পিন্ধাই পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী বনাইছে,’’ মন্তব্য ভট্টাচাৰ্য্যৰ।

কংগ্ৰেছ নেতাজনে লগতে কয় শাসনৰ মাত্ৰ আঢ়ৈ বছৰতে গণভিত্তি হেৰুৱাই পঞ্চায়ত নিৰ্বাচনক বিজেপিয়ে লৈ ভয়ানক ‘শংকা’ত ভুগিছে। আৰু সেয়ে অগপ-বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন পাতিবই খোজা নাছিল বুলিও তেওঁ দাবী কৰিছে।

“তেওঁলোকে পঞ্চায়ত নিৰ্বাচনেই পাতিব বিচৰা নাছিল। বিজেপিৰ ৰাইজৰ মাজত ভোট বিচাৰি যাবলৈ কোনো এজেণ্ডাই নাই। অগপই দুবাৰকৈ শাসনত থাকোতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা নাছিল,” তেওঁৰ মন্তব্য।

জন বিৰোধী, দৰিদ্ৰ বিৰোধী আৰু জাতি বিৰোধী কাৰ্য্যকলাপৰ দ্বাৰা আঢ়ৈ বছৰতে বৰ্তমানৰ চৰকাৰখনে গণ ভিত্তি হেৰুৱাইছে বুলি দাবী কৰি ভট্টাচাৰ্য্যই কয় যে আগন্তুক নিৰ্বাচনত কংগ্ৰেছে ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব।