NORTHEAST NOW (Assamese)
অসম

টীয়কত দীৰ্ঘদিন জৰাজীৰ্ণ মথাউৰি নিৰ্মাণ নকৰাত ক্ষোভ নৈপৰীয়া ৰাইজৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক September 28, 2020 2:16 pm
Screenshot_2020

যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত জাঁজী চুড়ামণি অঞ্চলত জাঁজী নদীৰ মথাউৰিটো দীৰ্ঘদিন মেৰামতি নকৰাৰ ফলত সম্প্ৰতি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে।

মথাউৰিটোৰ ওপৰেদি প্ৰায় ১৫/২০ খন গাঁৱৰ লোক নিতৌ অহা-যোৱা কৰে।

কায্যত: নৈপৰীয়া ৰাইজৰ যাতায়তৰ একমাত্ৰ পথ হিচাপে বিবেচিত হৈ অহা মথাউৰিটো অঞ্চলটোৰ ৰাইজৰ ৰক্ষা কৱচো ।

কিন্তু জাঁজী নদীৰ এই মথাউৰিটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে।

এজাক মাত্ৰ সামান্য বৰষুণতে বোকাময় হৈ পৰা মথাউৰিটো মেৰামতিৰ বাবে অঞ্চলবাসীয়ে জিলা প্ৰশাসন তথা স্থানীয় বিধায়িকাক বহুবাৰ অনুৰোধ জনাইও কোনো সুফল নোপোৱাত নৈপৰীয়া ৰাইজ ক্ষোভিত হৈ পৰিছে।

মুখ্য মন্ত্ৰী, জলসম্পদ মন্ত্ৰীয়ে বাৰিষাৰ পূৰ্বে জৰাজীৰ্ণ মথাউৰি মেৰামতিৰ নিৰ্দেশ দিছিল যদিও জাঁজী দলঙৰ পৰা তামুলীছিগা পৰ্যন্ত জাঁজী নদীৰ এই মথাউৰিটোৰ মেৰামতিৰ নামত এচপৰা মাটিও নপৰিল বুলি ৰাইজে অভিযোগ কৰিছে।