NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহানগৰীৰ হোষ্টেলত ১৯ বছৰীয়া ছোৱালীৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 22, 2023 8:44 pm

সোমবাৰে গুৱাহাটীৰ ভঙাগড় থানাৰ অন্তৰ্গত এবিচিৰ এটা ব্যক্তিগত হোষ্টেলৰ বাথৰুমৰ ভিতৰত এগৰাকী ১৯ বছৰীয়া ছোৱালীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

নামনি অসমৰ কোকৰাঝাৰ জিলাৰ বাসিন্দা তাজমিনা আহমেদ নামৰ কিশোৰীগৰাকীক সোমবাৰে লগ কৰিবলৈ অহা মাতৃয়ে হোষ্টেলৰ বাথৰুমৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে।

লগতে পঢ়ক: হঠাতে মেট্ৰিকৰ ফলাফল ঘোষণা জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ পৰা দৃষ্টি আঁতৰোৱাৰ কৌশল নেকি?

প্ৰায় দুমাহমান আগতে NEET কোচিঙৰ বাবে গুৱাহাটীলৈ অহা ছোৱালীজনীয়ে তেতিয়াৰ পৰাই ব্যক্তিগত হোষ্টেলটোত বাস কৰিছিল।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে আৰু প্ৰাথমিক তথ্যৰ ভিত্তিত এক অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰে।

লগতে পঢ়ক: কৰ্ণাটকত শপত লৈয়েই শুদ্ধিকৰণ সিদ্দাৰামাইয়া-শিৱকুমাৰৰ; গোমূত্ৰৰে ধুই পেলোৱা হ’ল বিধানসভা!

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।