• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্ণাটকত শপত লৈয়েই শুদ্ধিকৰণ সিদ্দাৰামাইয়া-শিৱকুমাৰৰ; গোমূত্ৰৰে ধুই পেলোৱা হ’ল বিধানসভা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2023 8:07 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ষমতা দখল কৰাৰ পিছত কংগ্ৰেছে কৰ্ণাটক বিধানসভাত শুদ্ধিকৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। বিধানসভা ভৱনটো গোমূত্ৰৰে ধুই পেলোৱা হ’ল। ইয়াক কেন্দ্ৰ কৰি পুনৰ বিতৰ্কত লিপ্ত হৈছে হাত শিৱিৰ। এই বিষয়ত দেশৰ আটাইতকৈ পুৰণি দলটোক কটাক্ষ কৰিবলৈ এৰা নাই বিজেপিয়ে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সিদ্দাৰমাইয়াই যোৱা শনিবাৰে বেংগালুৰুৰ কান্তৰাভা ষ্টেডিয়ামত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ডি কে শিৱকুমাৰ উপ-মুখ্যমন্ত্ৰী হয়। শপত লোৱাৰ দুদিন পিছত তেওঁলোক বিধানসভা ভৱনলৈ গ’ল। সিদ্দাৰামাইয়া আৰু শিৱকুমাৰৰ লগত কংগ্ৰেছৰ নৱনিৰ্বাচিত বিধায়কসকলো উপস্থিত থাকে।

লগতে পঢ়ক: হঠাতে মেট্ৰিকৰ ফলাফল ঘোষণা জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ পৰা দৃষ্টি আঁতৰোৱাৰ কৌশল নেকি?

Apply Now

কৰ্ণাটকৰ বিধানসভা ভৱনটোক ‘বিধান সৌধ’ বুলি কোৱা হয়। আজিৰ দিনটোত তাত উপস্থিত হোৱাৰ লগে লগে কংগ্ৰেছ নেতৃত্বই গো-মূত্ৰৰে সমগ্ৰ ভৱনটো বিশুদ্ধ কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰে। তেওঁলোকে বিজেপিক দুৰ্নীতিগ্ৰস্ত লোকৰ দল বুলিও উল্লেখ কৰে।

চাফাই কাৰ্যসূচীৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে কয়, “মই বিধান সৌধ চাফা কৰিবলৈ আহিছিলো। সেই কাম হৈ গৈছে। চাফাইৰ বাবে গোমূত্ৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে।” দুৰ্নীতিগ্ৰস্ত বিজেপিৰ শাসনকালত বিধানসভা অপৱিত্ৰ হোৱা বুলিও তেওঁ দাবী কৰে। উল্লেখ্য যে যোৱা ৫ বছৰে কৰ্ণাটকত গেৰুৱা শিবিৰৰ ক্ষমতা আছিল।

এইবাৰৰ কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছৰ প্ৰচাৰৰ সৰ্ববৃহৎ অস্ত্ৰ আছিল দুৰ্নীতি। দলটোৰ নেতাসকলে নিৰ্বাচনী প্ৰচাৰত বিতৰণ কৰে ‘দুৰ্নীতিৰ ৰেট কাৰ্ড’। এই কাৰ্ডখনত তেওঁলোকে বিজেপিৰ বিৰুদ্ধে ধনৰ অপব্যৱহাৰকে ধৰি কেইবাটাও অভিযোগ উত্থাপন কৰিছিল।

লগতে পঢ়ক: ইউৰোপীয় ইউনিয়নৰ তথ্য আমেৰিকাক গতাই দিয়াৰ অভিযোগত মেটাক ১.৩ বিলিয়ন ডলাৰ জৰিমনা

স্থানীয় কানাড়া ভাষাৰ বাহিৰেও ইংৰাজী ভাষাত লিখা কাৰ্ডসমূহ কংগ্ৰেছে সমগ্ৰ কৰ্ণাটকতে বিতৰণ কৰিছিল। তাত গেৰুৱা শিবিৰৰ বিৰুদ্ধে বিগত পাঁচ বছৰত মুঠ ডেৰ লাখ কোটি টকা লুণ্ঠনৰ অভিযোগ উত্থাপন কৰা হৈছিল।

‘দুৰ্নীতিৰ ৰেট কাৰ্ড’ত মুখ্যমন্ত্ৰীৰ পদৰ বাবে বিজেপিয়ে ২৫০০ কোটি টকা লোৱা বুলি কংগ্ৰেছে দাবী কৰিছিল। ইয়াৰ উপৰিও মন্ত্ৰীৰ বাবে ৫০০ কোটি টকা দিবলগীয়া হোৱাৰো অভিযোগো উত্থাপন কৰা হৈছিল।

কেৱল সেয়াই নহয়, কংগ্ৰেছ শিবিৰৰ নেতাসকলেও বিভিন্ন চৰকাৰী প্ৰকল্পত কৰ্তনৰ বিষয়টো উত্থাপন কৰে। আজিৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে মন্তব্য কৰি কয়, “কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিয়ে একেখন চৰকাৰ গঠন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁলোকৰ পৰা মাত্ৰ এটা কথাই শুনিছিলো- ডাবল ইঞ্জিন চৰকাৰ। আচলতে বিজেপিয়ে ট্ৰাবল ইঞ্জিন চৰকাৰ গঠন কৰিছিল।”

লগতে পঢ়ক: আকৌ মণিপুৰত হিংসা, ইম্ফলৰ বজাৰত অগ্নিসংযোগ! সেনাক তলব, পুনৰ সান্ধ্য আইন জাৰি

চলিত নিৰ্বাচনত ১৩৫ খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছে কংগ্ৰেছে। আনহাতে, বিজেপি ৬৫খন আসনলৈ নামি গৈছে। জনতা দল চেকুলাৰ বা জেডি(এছ)য়ে মাত্ৰ ১৯খন আসনতহে জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd