NORTHEAST NOW (Assamese)
অসম

আমাক “গেদা” বোলা হৈছে, আঘাত পাইছো। আমি ধৰ্মত মুছলমান, জাতিত অসমীয়া

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 22, 2019 5:55 pm
Nekibur Jaman press meet on Burha police incident

বুঢ়া আৰক্ষী চকী সাঙোৰা শেহতীয়া বিতৰ্কৰ মাজতে, অধিবক্তা নেকিবুৰ জামানে দেওবাৰে কৈছে যে ধৰ্মীয় বিভাজনে অসমীয়া জাতিলৈ সংকট মাতিছে।

জামানৰ মতে, ঘটনাটোক কেন্দ্ৰ কৰি “ধৰ্মীয় বিভাজন”ৰ চেষ্টা চলিছে আৰু ই আগন্তুক দিনত অসমীয়া জাতিক সংখ্যালঘুত পৰিণত কৰিব।

“আৰু কেইবছৰমান পিছত হয়তো আমাৰ জাতিটো নাথাকিব। আমি লাহে লাহে সংখ্যালঘুলৈ পৰিণত হৈছো। অসমীয়া বুলি ক’বলৈ সকলোৱে টান পোৱা হৈছে। সকলোৱে এতিয়া মই কাৰ্বি, মই বড়ো, মই কলিতা বুলি ক’বলৈ গৈছে,” দেওবাৰে গুৱাহাটীত এক সংবাদমেলত জামানে কয়।

জামানে কয় যে ঘটনাটোক লৈ চ’চিয়েল মিডিয়াত তেওঁলোকৰ “জনগোষ্ঠী”টোৰ বিৰুদ্ধে চলা প্ৰচাৰে তেওঁলোকক মানসিকভাৱে আঘাত দিছে।

“আমাৰ জনগোষ্ঠীক গেদা বুলি কৈছে। অসম আন্দোলনত আমাৰ লোকো চহিদ হৈছিল। অসমীয়া সাহিত্য-সংস্কৃতি-ক্ৰীড়াৰ প্ৰতি আমাৰ যথেষ্ট অৱদান আছে। ইমান অৱদানৰ পিছতো আমাক গেদা বুলি কোৱাত আমি যথেষ্ট হতাশ হৈছো,” অসম আন্দোলনত কামৰূপ জিলা ছাত্ৰ সন্থাক নেতৃত্ব দিয়া জামানে কয়।

আগন্তুক দিনৰ ভয়াৱহতাৰ পৰা হাত সাৰিবলৈ অসমৰ সমাজ সতৰ্ক হ’বৰ হ’ল বুলি তেওঁ মত পোষণ কৰে।

“যিসকলে ধৰ্মীয় বিভাজন কৰিব বিচাৰিছে, সেইসকলক কোনেও গুৰুত্ব দিব নালাগে,” তেওঁ কয়। “আমি ধৰ্মীয়ভাৱে মুছলমান, হয়; কিন্তু জাতি হিচাপে আমি অসমীয়া। আমাক অসমীয়া জাতিৰ পৰা আঁতৰাব নোৱাৰে। আমি অসমীয়া জাতিৰ এটা শক্তিশালী অংশ।”

বুঢ়া চকীৰ ঘটনাটোত “অপহৰণ”ত অভিযুক্ত ৰফুল আলি দোষী সাব্যস্ত হ’লে শাস্তি দিয়ক, তাত আমি বিৰোধ কৰা নাই, জামানে কয়। “ৰফুল আলিক লৈ যাতে সম্প্ৰদায়ৰ মাজত মেৰু বিভাজন যাতে নকৰে।”

জামানে কয় যে ঘটনাটোক লৈ চ’চিয়েল মিডিয়াত চলা প্ৰচাৰ অতি নিন্দনীয় আৰু সমাজ ধ্বংসকাৰী। আৰু চৰকাৰে এই ক্ষেত্ৰত কঠোৰতম ব্যৱস্থা ল’ব লাগে।

“চ’চিয়েল মিডিয়াত ৰফুল আলি আৰু যুৱতীগৰাকীৰ ফটো যেনেদৰে প্ৰচাৰ চলাইছে সেইটো অতিকৈ নিন্দনীয় হৈছে।…চৰকাৰে যদি কোনো ব্যৱস্থা নলয়, তেনেহ’লে আগন্তুক দিনত অসমত কিবা অপ্ৰীতিকৰ পৰিস্থিতি হ’লে ইয়াৰ বাবে চৰকাৰ দায়ী হ’ব,” তেওঁ কয়।

তেওঁ লগতে কয় যে চৰকাৰে যদি পাৰে inter-caste (আন্তঃ বৰ্ণ) বিয়া বন্ধ কৰিবলৈ এখন আইন প্ৰস্তুত কৰি উলিয়াওক।

আনহাতে, ঘটনাটোৰ কিছু আইনী আৰু তদন্তজনিত বিষয়টো অধিবক্তাজনে মত প্ৰকাশ কৰে। যোৱা ৭দিনত আৰক্ষীয়ে কি তথ্য পালে সেয়া ৰাজহুৱা কৰিবলৈ তেওঁ আহ্বান জনাইছে।

“দিছপুৰ থানাত, চিকিৎসালয়ত আৰু তেওঁলোকক উলিয়াই দিয়াৰ সময়ত পঞ্জীয়ন কৰিলে নে নাই আমাক কওক। নিশাৰ ভাগত কোনো মহিলাক থানালৈ নিব নোৱাৰে। কিয় ৰাতি নিলে, তাৰ উত্তৰ আমাক দিব লাগিব,” জামানে কয়।