NORTHEAST NOW (Assamese)
Popular Stories

নাগালেণ্ডত ১১২ গৰাকীলৈ বৃদ্ধি কোভিড পজিটিভ; নতুনকৈ ৫ গৰাকী আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2020 10:49 am
COVID19: 2772 persons discharged in Assam on Thursday

যোৱা ২৪ ঘণ্টাত নাগালেণ্ডত নতুনকৈ ৫ গৰাকী লোকৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ সৈতে ৰাজ্যখনত এই পৰ্যন্ত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১১২ গৰাকীলৈ বৃদ্ধি পাইছে।

নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হোৱা উক্ত লোক কেইগৰাকীৰ যোৱা শনিবাৰে চেম্পুল পৰীক্ষা কৰা হৈছিল। সেই দিনা মুঠ ৩১৮ গৰাকী লোকৰ চেম্পুল টেষ্ট কৰা হৈছিল।

আক্ৰান্ত আটাইকেইগৰকীয়ে ডিমাপুৰৰ বুলি জানিব পৰা গৈছে।

নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংন্যু ফোমে আজি পুৱা টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

বৰ্তমান নাগালেণ্ডত ১০৪ গৰাকী ব্যক্তি ক’ৰ’নাত আক্ৰান্ত হৈ থকাৰ বিপৰীতে ৮ গৰাকী আক্ৰান্ত সুস্থ হৈ উঠিছে।

ৰাজ্যখনত এই পৰ্যন্ত কোভিড-১৯ত আক্ৰান্ত হৈ এজনো লোকৰ মৃত্যু হোৱা নাই।

উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ ভিতৰত অসমত সৰ্বাধিক ক’ৰ’না আক্ৰান্ত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে ত্ৰিপুৰা।