NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত PUB-G য়ে প্ৰাণ ল’লে এগৰাকী ১৫ বছৰীয়া কিশোৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2019 8:31 am

সমগ্ৰ দেশত PUB-G গেমৰ আসক্তিৰ ফলত বহুকেইজন কিশোৰে প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনাই এইবাৰ পৰিসৰ বৃদ্ধি কৰি মাৰ্ঘেৰিটাক স্পৰ্শ কৰিলে।

মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত লেখাপানীৰ টিপং ৰাছিয়ান কলনী গাঁৱৰ ছামিম হুছেইন (১৫) নামৰ এটি কিশোৰে PUB-G খেলৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয়।

জানিব পৰা মতে ছামিম হুছেইনে অবিৰতভাৱে ম’বাইলত PUB-G খেলত ব্যস্ত থকাৰ বাবে পৰিয়ালৰ লোকে বাধা প্ৰদান কৰিছিল।

PUB-G খেলাত বাধা প্ৰদান কৰাৰ বাবে মাজনিশা কিশোৰজন ঘৰৰ পৰা উলাই আহিছিল আৰু ইয়াৰ পিছৰে পৰা কিশোৰজন সন্ধানহীন হৈ আছিল।

ইফালে পৰিয়ালৰ লোকে কিশোৰজনক বিচাৰ-খোচাৰ কৰি কোনো শুংসূত্ৰ লাভ নকৰাত লেখাপানী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰে। আৰক্ষীয়ে কিশোৰজনৰ সন্ধানত নিশায়ে অভিযান চলাই যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহয়।

দেওবাৰে অৰ্থাৎ ২২ ছেপ্তেম্বৰত তিনিসুঁতি ঘাটত এটা মৃতদেহ গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে উক্ত মৃদেহটো সন্ধানহীন হোৱা কিশোৰ ছামিম হুছেইনৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে।