NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট সাংস্কৃতিক কৰ্মী, সত্ৰীয়া সংস্কৃতিৰ সাধক শংকৰ দাসৰ বিয়োগত ৰাজ্য জুৰি শোকৰ ছাঁ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2019 7:28 pm
Sankar Das

অসমৰ সত্ৰীয়া সংস্কৃতিৰ আজীৱন সাধক, লেখক, সাংবাদিক, নাট্যকাৰ শংকৰ দাসৰ দেওবাৰে উচ্চ ৰক্তাচাপ জনিত কাৰণত ৭৪ বছৰ বয়সত মৃত্যু হয়।

স্বাভাৱিক ব্যস্ততা অনুসাৰে দেওবাৰেও দাসে এটা প্ৰেছলৈ কিছু প্ৰয়োজনীয় কামৰ বাবে ওলাই যাওঁতে প্ৰেছৰ ভিতৰতে ঢলি পৰে।

প্ৰেছটোৰ কৰ্মচাৰী আৰু আত্মীয়ই দাসক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসায়লৈ নিয়াৰ পথতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত শংকৰ দাসে পত্নী, দুই পুত্ৰ, এগৰাকী কন্যাকে ধৰি ভালেসংখ্যক আত্মীয় আৰু গুণমুগ্ধক এৰি থৈ যায়।

উল্লেখযোগ্য যে, সত্ৰনগৰী বৰপেটাত ১৯৪৫ চনত জন্মলাভ কৰা দাস সৰুৰে পৰা সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহী আছিল।

শংকৰ দাসৰ মৃত্যুত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ লগতে ভালেসংখ্যক দল, সংগঠনে শোক প্ৰকাশ কৰিছে।

প্ৰয়াত শংকৰ দাসে শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ, পুৰী প্ৰকল্পৰ প্ৰাক্তন সম্পাদক, সাংস্কৃতিক মহাসভা, অসম ডিপ্ল’মা অভিযন্তা সেৱা আদি ভালেমান অনুষ্ঠানৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছিল।

এগৰাকী লেখক, সাহিত্য সাধক আৰু নাট্যকাৰ হিচাপেও দাসে যথেষ্ট সুনাম অৰ্জন কৰিছে। মনৰ চেতনা, প্ৰাসংগিক চিন্তা, তোৰোচা আজিও বয় আদি দাসৰ উল্লেখযোগ্য সাহিত্য কৃতী।

সাংস্কৃতিক কৰ্মীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি মানৱ অধিকাৰ কৰ্মী তথা সমাজ কৰ্মী দিব্যজ্যোতি শইকীয়াই দাসৰ বিয়োগত ৰাজ্যখনে এগৰাকী নিষ্ঠাৱান সামাজিক আৰু সাংস্কৃতিক কৰ্মী হেৰুৱালে বুলি উল্লেখ কৰে।