NORTHEAST NOW (Assamese)
অসম

প্ৰদেশ কংগ্ৰেছ পৰা পদত্যাগ ড০ ৰঞ্জিত ডেকাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 24, 2019 5:33 pm

এজনৰ পাছত আন এজন জ্যেষ্ঠ কংগ্ৰেছী নেতাই দল ত্যাগ কৰাৰ পাছত এইবাৰ প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষৰ উপাধক্ষ পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে ড০ ৰঞ্জিত ডেকায়ে।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি ডেকাই কয় যে ইজনৰ পিছত সিজনকৈ জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলে দল ত্যাগ কৰাৰ ফলত প্ৰদেশ কংগ্ৰেছ নেতৃত্বহীন হৈ পৰিছে।

সংবাদমেলত ডেকাৰ মন্তব্য ‘কংগ্ৰেছৰ হৈ বৰ্তমান কাম কৰাটো অপাৰগ বুলি অনুভৱ কৰিছো। মই সময় দিব নোৱাৰা হৈছো। সেই বাবেহে পদত্যাগ কৰিছো। কংগ্ৰেছ দলত আমাৰ কাম-কাজৰ মূল্য নাই।’

‘আনন্দৰাম বৰুৱা একাডেমি শিক্ষা সংসদ নামেৰে এক সংসদ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। এইবোৰ সমাজসেৱা মূলক কাম কাজত মনোনিবেশ কৰিব লাগে বাবেই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।’ ডেকাই লগতে কয়।

উল্লেখযোগ্য যে, ডেকা ২০০১ চনৰ পৰা প্ৰায় ১৯ বছৰ ধৰি কংগ্ৰেছৰ সৈতে জৰিত হৈ আছিল। লগতে তেওঁ বৰ্তমান আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ তথা অধক্ষ্যৰ দায়িত্বত আছে।

দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ হৈ কাম কৰি অহা বৰাই যোৱা লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্বৰ দাবীদাৰ আছিল যদিও দলৰ পৰা টিকট লাভ কৰা নাছিল।

অৱশ্যে এতিয়া কোনো অন্য ৰাজনৈতিক দলত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয়, ‘এতিয়া কোনো ৰাজনৈতিক দলৰে চামিল হোৱাৰ কথা ভবা নাই। ভৱিষ্যতে যদি মোৰ নীতি আদৰ্শৰে মিলা দল পাওঁ তেন্তে যোগদান কৰিবও পাৰো’।

সোমবাৰে সন্ধিয়া ই-মেইল যোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ডেকাই। অৱশ্যে বৰ্তমানলৈকে দলৰ ফালৰ পৰা তেওঁলৈ কোনো উত্তৰ এতিয়ালৈকে অহা নাই বুলি তেওঁ কয়।