NORTHEAST NOW (Assamese)
অসম

আৰ বি আইৰ কঠোৰ নিৰ্দেশ; এইটো বেংকৰ গ্ৰাহকে ৬ মাহলৈ একাউণ্টৰ পৰা উলিয়াব নোৱাৰিব ১ হাজাৰতকৈ অধিক ধন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 24, 2019 8:55 pm
RBI

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই মুম্বাই পঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ ক’ৰ্পৰেটিভ বেংক চমুকৈ পি এম চিত চলি থকা বিত্তীয় খেলিমেলিৰ বাবে বেংকটোৰ গ্ৰাহকসকলে একাউণ্টৰ পৰা এক হাজাৰতকৈ অধিক ধন উলিয়াব নোৱাৰিব বুলি ঘোষণা কৰে।

ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ অনুসৰি আগন্তুক ছয় মাহৰ বাবে এই নিৰ্দেশনা বাহাল থাকিব বুলি জানিব পৰা গৈছে।

আনহাতে, এই নিষেধাজ্ঞাৰ সময়ছোৱাত পি এম চি বেংকে কোনোধৰণৰ ঋণ আৰু ধন বিনিয়োগ কৰিব নোৱাৰিব বুলিও নিৰ্দেশনা দিছে।

ৰিজাৰ্ভ বেংকৰ নিৰ্দেশৰ পাছতে বেংকটোৰ গ্ৰাহকসকলে যথেষ্ট অসুবিধাত ভুগিছে।

উল্লেখযোগ্য যে, বিগত কিছু সময়ৰ পৰা মুম্বাইত থকা পঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ ক’ৰ্পেৰেটিভ বেংকত চলি থকা বিত্তীয় খেলিমেলিৰ বাবেই ৰিজাৰ্ভ বেংকে এনেধৰণৰ কঠোৰ নিৰ্দেশনা দিছে।

ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনাৰ পাছতে বেংকটোৰ গ্ৰাহকসকলে যথেষ্ট অসুবিধাৰ সন্মুখিন হোৱাৰ লগতে দুচিন্তাত ভোগা পৰিলক্ষিত হৈছে।