NORTHEAST NOW (Assamese)
অসম

অমিতাভ বচ্চনলৈ ভাৰত চৰকাৰৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান “দাদাচাহেব ফাল্কে”

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 24, 2019 7:43 pm
Amitabh Bachchan selected for Dadasaheb Phalke award

বলিউদৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনলৈ ভাৰত চৰকাৰৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান দাদাচাহেব ফাল্কে আগবঢ়োৱা হৈছে।

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভাদেকাৰে মঙলবাৰে এই কথা প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত বচ্চনক এই সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব।

বচ্চনলৈ ২০১৮ চনৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। প্ৰবীণ অভিনেতাজন হৈছে বঁটাটো লাভ কৰা ৬৬সংখ্যক ব্যক্তি।

ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা দাদাচাহেব ফাল্কেৰ সন্মানাৰ্থে ১৯৬৯ চনৰ পৰা ভাৰত চৰকাৰে এই বঁটা প্ৰদান কৰি আহিছে।

অসমৰ প্ৰবাদ প্ৰতিম শিল্পী ভূপেন হাজৰিকাই ১৯৯২ চনত এই বঁটা লাভ কৰিছিল।

“ভাৰতীয় চিনেমাৰ বৃদ্ধি আৰু বিকাশত অসামান্য বৰঙনি”ৰ বাবে এই সন্মান আগবঢ়োৱা হয়।

বঁটাটোত থাকে এটা স্বৰ্ণ কমল মেদেল, এখন শ্বল আৰু নগদ ধন।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনৰ নেচনেল ফিল্ম ফেষ্টিভেলছে এই অনুষ্ঠানৰ আয়োজন কৰে।