NORTHEAST NOW (Assamese)
অসম

ফ্ৰেইমৱৰ্ক চুক্তিৰ ৰূপায়ণ শীঘ্ৰেই লাগে; দিল্লীত আজি নাগা ছাত্ৰ সংগঠনৰ সমদল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 25, 2019 8:22 am
NSF_Rally_Delhi

ভাৰত আৰু নাগালেণ্ডক দুটা পৃথক ৰাজনৈতিক সত্তা হিচাপে স্বীকৃতি দিয়া ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টক সোনকালেই কাৰ্য্যকৰী কৰাৰ দাবীত আজি নাগা ষ্টুডেণ্টছ ফেডাৰেইশ্যনে নাগা ছাত্ৰ সন্থাৰ দিল্লীৰ গোটৰ সহযোগত ৰাষ্ট্ৰীয় ৰাজধানীখনত এটা সমদল উলিয়াব।

“Implement the Principles of Framework Agreement” মূল বক্তব্যৰে ৰেলিটো মান্দি হাউছৰ পৰা পাৰ্লিয়ামেণ্ট ষ্ট্ৰীটলৈ উলিওৱা হ’ব বুলি নাগা ষ্টুডেণ্টছ ফেডাৰেইশ্যনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিটো কোৱা হৈছে।

অলপতে প্ৰধান মন্ত্ৰী মোদীয়ে দুয়োটা পক্ষৰ মাজৰ মানুহ হিচাপে কাম কৰি থকা আৰ এন ৰবিক সংবিধানৰ গণ্ডীৰ ভিতৰতে বিষয়টোৰ সমাধান সূত্ৰ উলিয়াবলৈ তিনি মাহৰ সময় ধৰি দিয়া পৰামৰ্শটোৰ বিৰোধিতা কৰি ছাত্ৰ সংগঠনকেইটাই এই সমদল উলিয়াব বুলি জানিবলৈ দিয়ে।

মোদীৰ এই পৰামৰ্শই ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই এম)ৰ মাজত হোৱা ফ্ৰেইমৱৰ্ক চুক্তিৰ নীতি অগ্ৰাহ্য কৰিছে বুলি ছাত্ৰ সংগঠনকেইটাৰ দাবী।

ফ্ৰেইমৱৰ্ক চুক্তি স্বাক্ষৰ কৰা হৈছিল ভাৰত আৰু নাগালিমৰ মাজত সাৰ্বভৌমত্বৰ ভাগ-বাটোৱাৰা, দুয়োটা সত্তাৰ শান্তিপূৰ্ণ সহাৱস্থান আৰু নাগাসকলৰ মৌলিক ইতিহাস আৰু পৰিস্থিতিৰ –এই নীতিবোৰৰ আধাৰত সমাধান সূত্ৰ বিচৰাৰ বুজাবুজিৰে, বিবৃতিটোত কোৱা হয়।

“গতিকে নাগাসকলৰ ভৱিষ্যতৰ জিম্মাদাৰ হিচাপে নাগা ষ্টুডেণ্টছ ফেডাৰেইশ্যনে দুয়ো পক্ষৰ বহু জীৱন লোৱা দীৰ্ঘদিনীয়া ভাৰতীয়-নাগা সংঘাতটোৰ সমাধানত ভাৰত চৰকাৰৰ সদিচ্ছা আৰু ৰাজনৈতিক দৃষ্টিভংগিক লৈ প্ৰশ্ন কৰিবলৈ বাধ্য ”, বিবৃতিটোত সংগঠনকেইটাই কয়।