NORTHEAST NOW (Assamese)
অসম

শংকৰ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ মণ্ডপ নিৰ্মাণৰ বাবে নিবিদা আহ্বান; অন্তিম সীমা ৩০ অক্টোবৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 25, 2019 10:51 am

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন বোকাখাতৰ কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰত ‘বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ’ত অহা ৫-৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।

ইতিমধ্যে আদৰণি সমিতিৰ জৰিয়তে অধিৱেশনৰ প্ৰস্তুতিৰ কাম-কাজ পূৰ্ণগতিত আৰম্ভ হৈছে ৷ ৮৯ সংখ্যক বোকাখাত অধিৱেশনখনি সুন্দৰকৈ সজাই পৰাই তুলিবৰ বাবে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা নিবিদা আহ্বান কৰিছে আদৰণি সমিতিয়ে।

নিবিদাসমূহৰ বন্দৱস্তীৰ বাবে অহা ১০ অক্টোবৰৰ পৰা নিবিদাৰ প্ৰ-পত্ৰ বিতৰণৰ কৰা হ’ব বুলি আদৰণি সমিতিয়ে জনাইছে ৷

আদৰণি সমিতিয়ে জনোৱা অনুসৰি ইচ্ছুক স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহে নিবিদাৰ প্ৰ-পত্ৰসমূহ এহেজাৰ টকাকৈ মাচুল জমা দি আদৰণি সমিতিৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব। দিনৰ ১১ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ সংঘৰ বোকাখাত জিলা শাখাৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

প্ৰ-পত্ৰ সংগ্ৰহ আৰু জমা দিয়াৰ শেষ দিন ৩০ অক্টোবৰ ধাৰ্য কৰা হৈছে ৷ উক্ত তাৰিখৰ পাছত নিবিদা বিচাৰি অহা সকলক নিবিদা যোগান ধৰিব পৰা নাযাব বুলিও আদৰণি সমিতিৰ সাধাৰণ সম্পাদকে উল্লেখ কৰে।

তাৰোপৰি সবিশেষ তথ্যৰ বাবে আদৰণি সমিতিৰ সাধাৰণ সম্পাদক চন্দ্ৰকান্ত ভূঞাৰ ৮৬৩৮৫৪১০৪৮, ৯৪০১৩৬২২৫১ নম্বৰত আৰু কাৰ্যালয় সম্পাদক দিব্যজ্যোতি হাজৰিকাৰ ৭০০২৩২৮৫৩৯, ৯৯৫৪৪২৪৪৬৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আদৰণি সমিতিয়ে জনাইছে।