NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী গ্ৰন্থমেলাৰ দিন ঘোষণা; চলি আছে বিপনীৰ প্ৰঃপত্ৰ বিতৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 25, 2019 5:52 pm

অহা ২৮ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰিলৈ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা।

প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা সদৰী কৰে।

ইতিমধ্যে গ্ৰন্থ প্ৰকাশক তথা বিক্ৰেতাসকলৰ বাবে গ্ৰন্থমেলাত অংশগ্ৰহণৰ প্ৰঃপত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি কলিতাই ইচ্ছুক প্ৰকাশক তথা বিক্ৰেতাসকলক ১০ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত প্ৰ-পত্ৰ জমা দিবলৈ আহ্বান জনায়।

তেওঁ জনাই যে পূৰ্বৰ দৰে এইবাৰো অসম তথা দেশৰ বিভিন্ন স্থানৰ পৰা গ্ৰন্থ প্ৰকাশক-বিক্ৰেতাৰ উপৰি বহিঃৰাষ্ট্ৰৰ গ্ৰন্থ প্ৰকাশককো গ্ৰন্থমেলাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ গ্ৰন্থমেলাত বাংলাদেশৰ ১১ টা আগশাৰীৰ গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰাৰ উপৰি দেশখনক লৈ আটকধুনীয়াকৈ সজাই তোলা পেভিলিয়নে প্ৰন্থপ্ৰেমীৰ যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিছিল।

ইচ্ছুক গ্ৰন্থ প্ৰকাশক তথা বিক্ৰেতাসকলে গ্ৰন্থমেলাৰ বিষয়ে সবিশেষ জানিবলৈ বা প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে অসম প্ৰকাশন পৰিষদৰ বামুণীমৈদামৰ মুখ্য কাৰ্য্যালয়ত যোগাযোগ কৰিব পাৰে।