NORTHEAST NOW (Assamese)
অসম

সংখ্যালঘু ভোটত আশাবাদী, ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলাব ৰাজেন গোহাঁই, পুত্ৰই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 27, 2019 6:43 pm
Loksabha election: Ticket-deprived MP Rajen Gohain decides to campaign for BJP candidate in Nagaon

নগাওঁ লোকসভা সমষ্টিৰ বৃহৎ সংখ্যক সংখ্যালঘু ভোট বিজেপিৰ পক্ষলৈ আহিব।

গেৰুৱা প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰত নমাৰ সিদ্ধান্ত লৈ টিকেট বঞ্চিত সাংসদ ৰাজেন গোহাঁইৰ পুত্ৰ নৱাৰুণ বুঢ়াগোহাঁয়ে প্ৰকাশ কৰিছে এই আশা।

“আশা আছে, তেওঁলোকেও (সংখ্যালঘু) আমাক সমৰ্থন জনাব। বিজেপি সাম্প্ৰদায়িক দল নহয়, কংগ্ৰেছেহে তেনেকৈ কয়,” ৰূপক শৰ্মাৰ হৈ দুদিন পিছৰ পৰা পূৰ্ণগতিত প্ৰচাৰ চলাব বুলি সদৰী কৰি মন্তব্য সাংসদ গোহাঁইৰ পুত্ৰ তথা বিজেপি যুৱ মৰ্চাৰ অসম ৰাজ্যিক সম্পাদক নৱাৰুণৰ।

বিজেপিৰ আঁচনিয়ে সকলো ধৰ্মকে সামৰি লোৱা বুলি দাবী কৰি এই কথা ধৰ্মীয় সংখ্যালঘু ভোটাৰ ৰাইজক গৈ ক’ব বুলিও প্ৰকাশ কৰিছে সাংসদ পুত্ৰজনে।

আনহাতে টিকেট নোপোৱাৰ “দুখ”ত ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলোৱাক লৈ মঙলবাৰ-পৰ্য্যন্ত সিদ্ধান্তহীন হৈ ৰোৱা সাংসদ ৰাজেন গোহাঁয়ে দলৰ স্বাৰ্থত প্ৰচাৰত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক- নগাওঁ কংগ্ৰেছৰ দখললৈ যোৱাৰ ইংগিত ৰাজেন গোহাঁইৰ

মোদীৰ আবিৰ্ভাৱৰ পূৰ্বৰে পৰা দুই দশক সমষ্টিটো দখলত ৰখা ৰে’ল ৰাজ্য মন্ত্ৰীজনে এই সন্দৰ্ভত বুধবাৰে এটা টুইটো কৰিছে।

ৰাজেন গোহাঁইৰ টুইট।

“দেউতাই এটা কথা স্পষ্টকৈ কৈছে দলে যাক টিকেট দিয়ে তাকে সমৰ্থন জনাম। তেওঁৰ যিহেতু দুটা দশক নগাওঁ আৰু হোজাইবাসী ৰাইজৰ সৈতে সম্পৰ্ক আছিল গতিকে ৰূপক দাক আমি সহায় কৰিবই লাগিব,” পিতৃৰ হৈ স্পষ্টীকৰণ নৱাৰুণৰ।

কিন্তু পিতৃ ৰাজেন গোহাঁইয়ে টিকেট নোপোৱাক কেন্দ্ৰ কৰি বহু বিজেপি কৰ্মীয়ে দুখ পোৱা বুলি নৱাৰুণে উল্লেখ কৰিছে।

“এটা কথা স্বাভাৱিক দেউতাই টিকট নোপোৱাৰ বাবে মনত বহু কৰ্মীয়ে দুখ পাইছে। তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে ৰূপক দাক সহায় নকৰিব। মোৰ মা আৰু দেউতাই কৰ্মীসকলক জনাই দিছে যে দুটা দশক বিজেপিৰ দখলত এই সমষ্টিটো আছিল গতিকে এইবাৰো অশেষ কষ্ট কৰি বিজেপিৰ দখলতে এই সমষ্টিতো আহিব লাগিব,” নবাৰুণৰ মন্তব্য।