NORTHEAST NOW (Assamese)
অসম

পিঁয়াজৰ দাম নিয়ন্ত্ৰণৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ত ব্যৱসায়ীৰে আলোচনা

Posted by: আনিছুজ জামান Updated by: আনিছুজ জামান September 25, 2019 9:59 pm
IMG-20190925-WA0019

পিঁয়াজৰ বৰ্ধিত মূল্যক লৈ উদ্বিগ্ন বৰপেটা জিলা প্ৰশাসনে আজি ইয়াৰ মূল্য নিয়ন্ত্ৰণ সম্পৰ্কত আলু-পিঁয়াজৰ ব্যৱসায়ী সকলৰ সৈতে এক আলোচনাত মিলিত হয়।

জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বগা আলু সৰ্বাধিক ১৩ টকা আৰু পিঁয়াজৰ সৰ্বাধিক দৰ ৫৫ টকা নিৰ্ধাৰণ কৰা হয়।

সমগ্ৰ বৰপেটা জিলাতে এই দুবিধ সামগ্ৰীৰ খুচুৰা বজাৰত এয়া সৰ্বোচ্চ নিৰিখ বুলি আলোচনাৰ আধাৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়ে।

ইয়াতকৈ অধিক দামত আলু আৰু পিয়াঁজ বিক্ৰী কৰিলে বিক্ৰেতাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা উপায়ুক্তই ঘোষণা কৰে।

সভাত অতিৰিক্ত উপায়ুক্ত দুলাল দেৱনাথ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, যোগান বিভাগৰ বিষয়াৰ লগতে ভালে সংখ্যক আলু-পিয়াঁজৰ খুচুৰা আৰু পাইকাৰী বিক্ৰেতা উপস্থিত থাকে।

সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰশাসনৰ তৰফৰ পৰা আলু পিয়াঁজৰ বজাৰ আৰু যোগান পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰখা হ’ব আৰু অধিক দাম বৃদ্ধিৰ আশংকাৰ উদ্ভৱ হ’লে পুনৰ আলোচনাত মিলিত হ’ব।