NORTHEAST NOW (Assamese)
অসম

তৰংগ সংযোগ ব্যাহত হোৱা বাবে POK ত প্ৰৱেশ কৰিছিল অভিনন্দনৰ যুদ্ধ বিমান; DRDO ই ল’লে এই বৃহৎ পদক্ষেপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 26, 2019 12:43 pm
abhinandan

পুলুৱামাত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত যেতিয়া ভাৰতে পাকিস্তানৰ বালাকোটত এয়াৰ ষ্ট্ৰাইক কৰিছিল সেই সময়ত ভাৰতৰ এখন যুদ্ধ বিমান পাক অধীকৃত কাশ্মীৰত ভূপতিত হৈছিল আৰু সেই বিমানখনতে উয়িং কামাণ্ডাৰ অভিনন্দন বৰ্থমান আছিল।

পৰৱৰ্তী সময়ত অভিনন্দনক ভাৰতৰ হাতত পাকিস্তানে গটাই দিবলৈ বাধ্য হৈছিল।

বালাকোট আক্ৰমণৰ পাছত বায়ু সেনা বাহিনীয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ক দাখিল কৰা বিস্তাৰিত প্ৰতিবেদনত অভিনন্দনৰ মিগ বিমানখনৰ তৰংগ সংযোগ ব্যাহত হোৱাৰ তথ্য সংলগ্ন কৰা হৈছে।

তৰংগ সংযোগ ব্যাহত হোৱাৰ বাবে অভিনন্দনে চলাই থকা যুদ্ধ বিমানখনৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযোগ বিছিন্ন হৈ পৰিছিল আৰু অভিনন্দন পাকিস্তানৰ সীমাৰ ভিতৰত প্ৰবেশ কৰিছিল।

প্ৰতিবেদনখনত ভবিষ্যতে এনেধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত হ’ব নোৱাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

বায়ু সেনা বাহিনীৰ প্ৰতিবেদনৰ পাছতে কেন্দ্ৰ চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে পুনৰ তেনেধৰণৰ ঘটনা সংঘটিত নহবৰ বাবে অত্যাধুনিক ছফ্টৱেৰ বনোৱাৰ দায়িত্ব DRDO ক অৰ্পন কৰিছে।

এতিয়া DRDO ৰ বিজ্ঞানী সকলে যুদ্ধ বিমানৰ পাইলট আৰু নিয়ন্ত্ৰণ কক্ষৰ সৈতে তৰংগ সংযোগ ব্যাহত নহোৱা নতুন প্ৰযু্ক্তি উদ্ভাৱন কৰিব যাৰ ফলত ভবিষ্যতে কেতিয়াও ভাৰতীয় যুদ্ধ বিমানে অজানিতে বেলেগ ৰাষ্ট্ৰৰ চক্ৰবেহুত প্ৰৱেশ কৰিবলগীয়া নহয়।