NORTHEAST NOW (Assamese)
অসম

১৭ নৱেম্বৰৰ ভিতৰত অযোধ্যা বিবাদৰ ৰায় হ’ব এক বিস্ময় : দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 27, 2019 8:31 am
t9e8ct9o_chief-justice-ranjan-gogoi-reuters_625x300_06_May_19 45

উচ্চতম ন্যায়ালয়ে অযোধ্যা বিবাদ গোচৰৰ শুনানি অহা ১৮ অক্টোবৰৰ ভিতৰত সমাপ্ত কৰাৰ পৰিকল্পনাৰ কথা দোহাৰিছে।

অহা ১৭ নৱেম্বৰত কাৰ্যকাল অন্ত পৰিবলগীয়া মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে স্পষ্ট কৰি দিছে যে ১৮ অক্টোবৰৰ পাছত এটা দিনো যুক্তি তৰ্কৰ বাবে অনুমতি দিয়া নহ’ব। গোচৰটোৰ ৰায় অহা ১৫ নৱেম্বৰৰ ভিতৰত দিয়াৰ সম্ভাৱনা আছে।

আদালতৰ অধিবক্তাসকলৰ সৈতে শুনানিৰ সূচী সম্পৰ্কে আলোচনা কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে বাকী থকা সময়ছোৱাত ৰায়টো দিবলৈ সক্ষম হোৱাটো হ’ব এটা বিস্ময়।

নিজৰ গোচৰটো আগবঢ়োৱাৰ বাবে ২০ মিনিট সময় বিচৰা এগৰাকী অধিবক্তাক উদ্দেশ্যি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয়,’’আজি শুনানিৰ ৩২ সংখ্যক দিন। আপুনি এতিয়া আহি কৈছে আপোনাৰটো শুনিব লাগে। মোৰ শেষ কৰ্মদিনটোলৈকে আমি শুনানিয়েই গ্ৰহণ কৰি থাকিম?’’

উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে মুখ্য ন্যায়াধীশগৰাকীৰ অৱসৰৰ পূৰ্বে কেই দশক পুৰণি মন্দিৰ-মছজিদ বিবাদটো নিষ্পত্তি কৰাৰ আশাৰে যোৱা ৬ আগষ্টৰ পৰা গোচৰটোৰ দৈনিক শুনানি গ্ৰহণ কৰি আছে।

চলিত সপ্তাহত আনকি আদালতে শুনানিৰ সময় এঘন্টা বৃদ্ধিও কৰিছে।

বুধবাৰে মুছলমান আবেদনকাৰীৰ প্ৰতিনিধিত্ব কৰা অধিবক্তা মীনাক্ষী আৰোৰাই বিষয়টো সন্দৰ্ভত আৰ্কেয়’লজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰতিবেদনত স্বাক্ষৰ নোহোৱাৰ কথা আঙুলিয়াই দি ইয়াৰ যথাযোগ্যতাৰ ওপৰত প্ৰশ্ন তোলে।

পিচে, বৃহস্পতিবাৰে মুছলমান আবেদনকাৰীকে প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাৱানে কয় যে আৰ্কেয়’লজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰতিবেদনৰ যথাযোগ্যতাক প্ৰশ্ন কৰিব নোৱাৰি।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অহা ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে অযোধ্যা বিবাদৰ ৰায় ওলোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।