NORTHEAST NOW (Assamese)
মেঘালয়

মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৪৫ জনীয়া তালিকা প্ৰকাশ

Posted by: এন ই নাও নিউজ February 2, 2018 3:16 pm
Tripura Election BJP
আজি বিজেপিয়ে আগন্তুক মেঘালয় বিধানসভা নিৰ্বাচনত দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া ৪৫ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। তালিকাখনত দুগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে। এই তালিকাখন নতুন দিল্লীত প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নন্দাই, যিজন দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ সচিবৰো দায়িত্ব আছে।
উল্লেখযোগ্য যে মেঘালয়ত অহা ২৭ ফেব্ৰুৱাৰিত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৩ মাৰ্চত ইয়াৰ ভোটগণনা হ’ব।
আনহাতে যোৱা বুধবাৰেই মেঘালয়ৰ ৰাজ্যিক বিজেপিৰ সভাপতি শ্বিবুন লিংডোৱে এই সংক্ৰান্তত কৈছিল যে তেওঁ ৰাজ্যখনৰ গোটেইকেইটা সমষ্টিৰ বাবেই প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰি কেন্দ্ৰীয় নেতৃত্বৰ বাবে প্ৰেৰণ কৰিছে আৰু বৃহস্পতিবাৰৰ ৰাতি বা শুকুৰবাৰে চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ কথা। তেওঁৰ ভাষ্যমতে প্ৰায়বোৰ সমষ্টিতে একাধিক লোকে প্ৰাৰ্থিত্ব বিচাৰি আৱেদন কৰিছিল।
আজি প্ৰকাশ পোৱা তালিকাখনত অলপতে শাসনাধিষ্ঠিত কংগ্ৰেছ ত্যাগ কৰা এ এল হেকৰ নামো অন্তৰ্ভুক্ত হৈছে। তেওঁ পিনথৰুখ্ৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে তালিকাত নাম অন্তৰ্ভুক্ত হোৱা মহিলা দুগৰাকী হ’ল পেলচি স্নাইটাং আৰু মেৰিয়ান মেৰিং। তেওঁলোকে ক্ৰমে ৰানিকোৰ আৰু নংপোহৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।