NORTHEAST NOW (Assamese)
অসম

৮ কাৰ্টন কফ চিৰাপ ড্ৰাগছ জাতীয় টেবলেটসহ দুজনক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 28, 2019 7:18 am

ভাৰত-বাংলা সীমান্তৱৰ্তী ধুবুৰীত চলি অহা ড্ৰগছৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে শুকুৰবাৰে ধুবুৰী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত এক অভিযান চলায়।

অভিযানকালত আৰক্ষীৰ দলটোৱে নাৰায়ণ দাস আৰু নিৰ্মল বাঢ়ৈ নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা ড্ৰাগছ জাতীয় টেবলেট আৰু ৮ কাৰ্টন ড্ৰাগছ জাতীয় কফ চিৰাপ জব্দ কৰে।

ইতিমধ্যে আৰক্ষীয়ে আটকাধীন দুয়োকে অধিক তথ্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে পশ্চিমবংগৰ পৰা প্ৰতিদিনে ধুবুৰীলৈ কাৰ্টনে কাৰ্টনে ড্ৰাগছ সৰবৰাহ হৈ থাকে বুলি আন এক সূত্ৰ পৰা জানিব পৰা গৈছে।

স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি অঞ্চলটোত দীৰ্ঘদিনৰ পৰা অবৈধ ড্ৰাগছ, সুৰা আদিৰ ৰমৰমীয়া বেহা চলি আহিছে।