NORTHEAST NOW (Assamese)
অসম

মোদী-ট্ৰাম্পৰ ৰথৰ ঘোঁৰা ইমৰাণ; কাৰ্টুন প্ৰকাশ কৰি বিপদত পাকিস্তানী সংবাদ পত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 29, 2019 12:41 pm
Imran-cartoon

ৰাষ্ট্ৰসংঘত কাশ্মীৰৰ বিষয় উত্থাপন কৰি নতুন দিল্লীৰ ওপৰত চাপ সৃষ্টি কৰিব বিচাৰি একাধিকবাৰ প্ৰচেষ্টা চলাইছিল পাকিস্তানী প্ৰধান মন্ত্ৰী ইমৰাণ খানে।

কিন্তু ইয়াৰ পৰিণতিত ওলোটাই সন্ত্ৰাসবাদৰ প্ৰশ্নত আন্তৰ্জাতিক মঞ্চত পাকিস্তান একাষৰীয়াহে হৈ পৰিল।

ইয়াকেই এটি ব্যংগ চিত্ৰৰ জৰিয়তে প্ৰকাশ কৰিছিল পাকিস্তানৰ এখন কাকতে।

দেশখনৰ ‘দ্য নেশ্যন’ নামৰ কাকতখনত প্ৰকাশ পোৱা এই ব্যংগচিত্ৰই তুমুল বিতৰ্কৰ সৃষ্টি কৰে। উক্ত ব্যংগচিত্ৰৰ বাবে কাকতখনে ক্ষমাও বিচাৰিলে।

প্ৰকৃততে ছবিখনত কি আছিল?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন ঘোঁৰা গাড়ীত উঠি গৈছে। কিন্তু ঘোঁৰাৰ সলনি গাড়ীখন টানিছে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে।

গাড়ীত বহি থকা ট্ৰাম্প আৰু মোদীয়ে নিজৰ মাজতে হাঁহি ফূৰ্তি কৰিছে। কিন্তু ইমৰাণক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁৰ সন্মুখত এটা গাজৰ ওলোমাই ৰখা দেখা গৈছে যিটো এটা প্ৰতীক হিচাপে আৰু কাশ্মীৰ প্ৰসংগত আমেৰিকাৰ মধ্যস্থতা বিচৰা ইমৰাণৰ তাগিদাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে।

ব্যংগ চিত্ৰৰ জৰিয়তে বুজাব বিচৰা হৈছে যে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে কাশ্মীৰ প্ৰসংগত আমেৰিকাৰ মধ্যস্থতা বিচাৰি বাৰে বাৰে চেষ্টা চলালেও মোদী আৰু ট্ৰাম্পে তাত অকণো গুৰুত্ব দিয়া নাই।

স্বাভাৱিকতে এই ব্যংগচিত্ৰ প্ৰকাশ পোৱাৰ পাছতে বিতৰ্কৰ সৃষ্টি হয়। পাকিস্তানী কাকতখনৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰে বিভিন্ন মহল। ফলত কাকতখনে ক্ষমা খুজিবলৈ বাধ্য হয়।

পাকিস্তানত সংবাদ মাধ্যমে যে স্বাধীনভাৱে কাম কৰিব নোৱাৰে সেয়া সকলোৱে জানে। শাসক আৰু আইএছআইৰ বিৰুদ্ধে কলম চলাই ইতিমধ্য বহু পাক সাংবাদিকে প্ৰাণ হেৰুৱাইছে।

তথাপি দেশৰ প্ৰধান মন্ত্ৰীগৰাকীৰ মৰ্যাদা অৱনমিত কৰা উক্ত ব্যংগচিত্ৰই দেশখনত তুমুল আলোড়নৰ সৃষ্টি কৰে।