NORTHEAST NOW (Assamese)
অসম

ঘৰতে দুই নাবালিকাক স্প্ৰে’ আক্ৰমণ দুৰ্বৃত্তৰ, চিকিৎসাধীন; তিনিজনক আটক ||কোকৰাঝাৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী September 29, 2019 10:20 pm
minor Two minor girls hospitalized after spray attack in Kokrajhar

কোকৰাঝাৰ জিলাৰ দুখন পৃথক গাঁৱত শনিবাৰে ৰাতি ঘৰৰ ভিতৰতে অচিনাক্ত লোকৰ স্প্ৰে’ আক্ৰমণৰ সন্মুখীন হোৱা দুই নাবালিকা বৰ্তমান চিকিৎসাধীন আৰু বিপদমুক্ত।

ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে দেওবাৰে জনোৱা মতে, চিকিৎসাধীন দুয়োগৰাকী নাবালিকাই সংজ্ঞা ঘূৰাই পাইছে, কিন্তু তন্দ্ৰাচ্ছন্ন হৈ আছে।

ঘটনাটো সন্দৰ্ভত এক গোচৰ ৰুজু হৈছে আৰু কোকৰাঝাৰ আৰক্ষীয়ে তিনিজন লোকক আটক কৰিছে।

আটকাধীন লোক তিনিজন জিলাখনৰ পাটগাওঁ অঞ্চলৰ মুকেশ ৰয়, নেহৰু বৰুৱা আৰু হৰেন বৰুৱা বুলি জানিব পৰা গৈছে।

আন্ধাৰৰ সুযোগ লৈ দুষ্কৃতিকাৰী পলাই গৈছিল যদিও তেওঁলোকে ঘটনাস্থলীত এৰি যোৱা এখন স্কুটি (নং AS-16B/6601) আৰক্ষীয়ে জব্দ কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে দুয়োগৰাকী নাবালিকা দুখন পৃথক গাঁৱৰ আৰু ১৫ মিনিটৰ অন্তৰালত ঘটনা দুটা সংঘটিত হৈছিল।

সোণাপুৰ আৰু ধৰমতল গাঁৱৰ নাবালিকা দুগৰাকীয়ে ঘৰৰ ভিতৰত পঢ়ি থকা অৱস্থাতে দুৰ্বৃত্তই বাহিৰৰ পৰা ৰসায়নিক স্প্ৰে’ নিক্ষেপ কৰিছিল।

দুয়োগৰাকী ছোৱালীয়ে হূলস্থূল কৰাত পৰিয়ালৰ লোক অহাত আক্ৰমণকাৰী দুৰ্বৃত্ত পলাই যায়, কিন্তু নাবালিকা দুগৰাকী বেহুচ হৈ পৰে।

পৰিয়ালৰ লোকে ততালিকে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰে।

সোণাপুৰৰ ৰাতি ৯ বজাত আৰু ধৰমতলত ৯.১৫ মিনিটত ঘটনা দুটা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ পাই জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জি ৰাণী শৰ্মা ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়।