NORTHEAST NOW (Assamese)
অসম

২৩ নৱেম্বৰৰ পৰা উত্তৰ প্ৰদেশৰ বাৰাণসীত ‘ডেষ্টিনেশ্যন নৰ্থ-ইষ্ট’ উৎসৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2019 4:26 pm
Jitendra Sing

২৩ নৱেম্বৰৰ পৰা উত্তৰ প্ৰদেশৰ বাৰাণসীত ‘ডেষ্টিনেশ্যন নৰ্থ-ইষ্ট’ শীৰ্ষক এক চাৰিদিনীয়া উৎসৱ আয়োজন কৰা হৈছে বুলি দেওবাৰে জনাই ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে।

হিন্দু ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ তীৰ্থস্থান বাৰাণসীত আয়োজন কৰিবলগীয়া অনুষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ অন্য প্ৰান্তৰ লোকসকলক উত্তৰ-পূবৰ জনসাধাৰণৰ বিভিন্ন উৎসৱ-পাৰ্বণৰ সৈতে চিনাকী কৰোৱা।

চাৰিদিনীয়া উৎসৱখনিত উত্তৰ-পূবৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হ’ব।

লগতে, দৰ্শনাৰ্থীসকলক উদ্দেশ্য কৰি উত্তৰ-পূবৰ বিভিন্ন খাদ্য সম্ভাৰ প্ৰদৰ্শনীৰো উৎসৱস্থলীত ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে, ‘ডেষ্টিনেশ্যন নৰ্থ-ইষ্ট’ উৎসৱখনিত বাণিজ্য ক্ষেত্ৰৰ লগত সংগতি ৰাখি ভালেমান বাব্যসায়ীক পৰ্য্যায়ৰ আলোচনা অনুষ্ঠিত কৰা হ’ব।

উল্লেখযোগ্য যে, ‘ডেষ্টিনেশ্যন নৰ্থ-ইষ্ট’ শীৰ্ষক উৎসৱ বাৰাণসীৰ লগতে দিল্লী, চণ্ডীগড় আদি দেশৰ আন আন প্ৰান্ততো আয়োজন কৰা হ’ব বুলি বৈঠকত ড’নাৰ মন্ত্ৰী সিঙে প্ৰকাশ কৰে।