NORTHEAST NOW (Assamese)
অসম

এইবাৰ বিগ বছ-১৩ ত ভুমুকি মাৰিব ছাথ নিভানা ছাথিয়াত গোপীৰ চৰিত্ৰত অভিনয়েৰে জনপ্ৰিয় অসমৰ দেবলীনাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2019 5:03 pm
Deblina Bhatacharya

‘ছাথ নিভানা ছাথিয়া’ ধাৰাবাহিকত গোপী এহেম মোদীৰ নাম ভুমিকাত অভিনয় কৰি সমগ্ৰ দেশত জনপ্ৰিয়তা অৰ্জন কৰা অসমৰ দেবলীনা ভট্টাচাৰ্য্যই এইবাৰ চলমান খানৰ ‘বিগ বছ-১৩’ত ভুমুকি মাৰিব।

বিগ বছৰ ১৩ সংখ্যক সংস্কণত অন্যান্য প্ৰতিযোগী সকলৰ সৈতে ইতিমধ্যে বিগ বছৰ গৃহত প্ৰৱেশ কৰিছে অসমৰ দেবলীনাই।

বিগ বছৰ গৃহত দেবলীনাৰ ভাগত পৰিছে পাকঘৰৰ দায়িত্ব। দায়িত্ব সন্দৰ্ভত চলমান খানে দেবলীনাক প্ৰশ্ন কৰাত অসমৰ যুৱতীগৰাকীয়ে তেওঁ পাকঘৰৰ দায়িত্ব ভালেই পাই বুলি মন্তব্য কৰে।

উজনি অসমৰ এটা বঙালী পৰিয়ালৰ পৰা গৈ মুম্বাইত প্ৰতিষ্ঠা লাভ কৰা দেবলীনা সৰুপৰ্দাৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক লাভ কৰা অভিনেত্ৰী।

উল্লেখযোগ্য যে, দেবলীনাই ছাথ নিভানা ছাথিয়াৰ উপৰিও, কুণ্ডলী ভাগ্য, লাল ইস্ক আদি ভালেমান ধাৰাবাহিকত অভিনয় কৰি নিজৰ প্ৰতিভাৰ পৰিছয় দাঙি ধৰিছে।

মুম্বাইৰ অভিনয় জগতত ভৰি থৈ সৰু পৰ্দাত কাম কৰিবলৈ আৰম্ভ কৰা ২৯ বৰ্ষীয় অভিনেত্ৰীগৰাকীয়ে ছাথ নিভানা ছাথিয়াত গোপীৰ চৰিত্ৰত কৰা অভিনয়ৰে ভাৰতৰ ঘৰে ঘৰে চিনাকী মুখত পৰিণত হয়।

দেবলীনাই পোন প্ৰথম বাৰৰ বাবে Dance India Dance 2 ৰ জড়িয়তে টেলিভিশ্যনৰ পৰ্দাত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।